ETV Bharat / state

গোৱালপাৰাত চৰকাৰী সাহাৰ্য বিতৰণৰ নামত দুৰ্নীতি!

author img

By

Published : Apr 18, 2020, 7:21 PM IST

Updated : Apr 18, 2020, 7:26 PM IST

চৰকাৰে ৰেচন কাৰ্ড প্ৰাপ্ত হিতাধিকাৰীক বিনামূলীয়াকৈ চাউল যোগান ধৰাৰ বিপৰীতে ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালক যোগান ধৰিছে ১০০০ টকাকৈ নগদ ধনৰ এককালীন সাহাৰ্য। কিন্তু পঞ্চায়ত খনৰ একাংশ দুৰ্ভগীয়া দৰিদ্ৰ লোকৰ অভিযোগ ৩৯ নং কালপানী চান্দামাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী ব্ৰালিথা চাংমাই ৰেচন কাৰ্ড থকা পৰিয়ালসমূহকো যোগান ধৰিছে সাহাৰ্যৰ নগদ ধন ৷

Goalpara Government relief scam
গোৱালপাৰাত চৰকাৰী সাহাৰ্য বিতৰণৰ নামত দুৰ্নীতি!

গোৱালপাৰা,18 এপ্ৰিলঃ ৰাজ্যজুৰি লক ডাউন চলি থকাৰ মাজতে গোৱালপাৰা জিলাৰ কালপানী চান্দামাৰী গাঁও পঞ্চায়তত সাহাৰ্য বিতৰণৰ নামত সংঘটিত হৈছে চূড়ান্ত দুৰ্নীতি ৷ দৰিদ্ৰ পৰিয়ালসমূহক চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়া চাউল যোগানৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে ৷ চৰকাৰে ৰেচন কাৰ্ড প্ৰাপ্ত হিতাধিকাৰীক বিনামূলীয়াকৈ চাউল যোগান ধৰাৰ বিপৰীতে ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালক যোগান ধৰিছে ১০০০ টকাকৈ নগত ধনৰ এককালীন সাহাৰ্য। কিন্তু পঞ্চায়ত খনৰ একাংশ দুৰ্ভগীয়া দৰিদ্ৰ লোকৰ অভিযোগ ৩৯ নং কালপানী চান্দামাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী ব্ৰালিথা চাংমাই ৰেচন কাৰ্ড থকা পৰিয়ালসমূহকো যোগান ধৰিছে সাহাৰ্যৰ নগদ ধন ৷

গোৱালপাৰাত চৰকাৰী সাহাৰ্য বিতৰণৰ নামত দুৰ্নীতি!

আনহাতে, এইগৰাকী সভানেত্ৰীয়ে চৰকাৰী সাহাৰ্যৰ বাবে হিতাধিকাৰীয়ে তেখেতৰ বাসগৃহলৈ গ’লে অপদস্থ কৰাৰ লগতে আৰক্ষীৰ ভাবুকি প্ৰদান কৰি ওভটাই পঠোৱাৰো অভিযোগ স্থানীয় ৰাইজৰ ৷ গাঁও পঞ্চায়ত খনত চলি থকা এই অনিয়মৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ পঞ্চায়ত মন্ত্ৰী নৱ কুমাৰ দলে আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গোৱালপাৰা জিলা প্ৰশাসনক সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক-দৰমহাক লৈ গভীৰ সংকটত ৰাজ্যিক কৰ্মচাৰী

Last Updated : Apr 18, 2020, 7:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.