ETV Bharat / state

Jonali Nath murder case: জোনালী নাথৰ হত্যাকাৰী হাছানুৰ ইছলামক পুনৰ 5 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

author img

By

Published : Jun 17, 2023, 7:02 PM IST

জোনালী নাথৰ হত্যাকাৰী হাছানুৰ ইছলামক পুনৰ 5 দিনৰ ন্যায়িক জিম্মাত ল’লে আৰক্ষীয়ে ৷ শনিবাৰে গোৱালপাৰা ন্যায়িক আদালতত হাজিৰ কৰোৱা হয় হাছানুৰক ৷ ইফালে এই ঘটনাৰে জড়িত আন এজনক শনিবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

Jonali Nath murder case
হাছানুৰ ইছলামক পুনৰ 5 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

হাছানুৰ ইছলামক পুনৰ 5 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

গোৱালপাৰা, 17 জুন: গোৱালপাৰা জিলা বিজেপিৰ নেত্ৰী জোনালী নাথৰ হত্যাকাৰী হাছানুৰ ইছলামক শনিবাৰে হাজিৰ কৰোৱা হ’ল গোৱালপাৰা ন্যায়িক আদালতত ৷ আদালতত হাজিৰ কৰোৱাই হত্যাকাৰী হাছানুৰ ইছলামক পুনৰ 5 দিনৰ জিম্মাত ল’লে আৰক্ষীয়ে ৷

উল্লেখ্য যে হাছানুৰ ইছলামক চলাই থকা জেৰাৰ পাচত পোহৰলৈ আহিছে ন ন তথ্য ৷ হাছানুৰ ইছলামৰ স্বীকাৰুক্তিৰ ভিত্তিত শনিবাৰে আৰক্ষীয়ে ঘটনাৰে জড়িত থকা আজিবৰ ৰহমান আন এজন লোকক গ্ৰেপ্তাৰ কৰে ৷

আজিবৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ পাচতেই এতিয়া ঘটনাৰ আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷ ইফালে মূল হত্যাকাৰী হাছানুৰ ইছলামক আদাতত শনিবাৰে হাজিৰ কৰোৱাই আৰক্ষীয়ে 9 দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল ৷ কিন্তু আৰক্ষীয়ে 5 দিনৰ বাবে জিম্মাত দিয়ে হাছানুৰক ৷ জিম্মাত থকা সময়ছোৱাত সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ উপৰিও সময়মতে খোৱা-লোৱাৰ দায়িত্ব ল’বৰ বাবে আদালতে নিৰ্দেশ দিয়ে আৰক্ষীক ৷

উল্লেখ্য যে বিগত 2 জুনত বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাৰী হাছানুৰ ইছলামক জিলা ন্যায়িক আদালতত হাজিৰ কৰোৱাই সোধ-পোচাৰ বাবে ৫ দিনৰ জিম্মাত লৈছিল আৰক্ষীয়ে ৷ কিন্তু সেই জিম্মাৰ ম্যাদ উকলি যোৱাত শনিবাৰে হাজিৰ কৰোৱা হয় আদালতত ৷ শনিবাৰে হাছানুৰক মাটিয়া থানাৰ পৰিবৰ্তে গোৱালপাৰা সদৰ আৰক্ষী থানালৈ অধিক জেৰাৰ বাবে লৈ যোৱা হয় ৷

হত্যাকাৰী হাছানুৰে এটা কাঠৰ টুকুৰাৰে মৰিয়াই মৰিয়াই হত্যা কৰিছিল জোনালী নাথক ৷ ইতিমধ্যেই এই কথা আৰক্ষীৰ জেৰাত হাছানুৰ ইছলামে স্বীকাৰ কৰিছে ৷ আনহাতে হত্যাকাৰী হাছানুৰৰ বাসগৃহৰ পৰা তেজৰ চেকুৰা লাগি থকা কাঠৰ টুকুৰা আৰু কেইবাখনো ডায়েৰী উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক: Jonali Nath Murder case: জোনালী নাথ হত্যাকাণ্ড; পোহৰলৈ আহিছে ন ন তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.