ETV Bharat / state

5 dacoits arrested: ব্যৱসায়ীক ধনদাবী কৰি আৰক্ষীৰ জালত পৰিল ৫ টাকৈ দুধৰ্ষ ডকাইত

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 1:01 PM IST

5 dacoits arrested
ব্যৱসায়ীক ধনদাবী কৰি আৰক্ষীৰ জালত পৰিল ৫ টাকৈ দুধৰ্ষ ডকাইত

গোৱালপাৰা জিলাত ডকাইতৰ ত্ৰাস ৷ ব্যৱসায়ীক ধন দাবী কৰি ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰিল 5 টাকৈ ডকাইত ৷

ব্যৱসায়ীক ধনদাবী কৰি আৰক্ষীৰ জালত পৰিল ৫ টাকৈ দুধৰ্ষ ডকাইত

গোৱালপাৰা, 31 অক্টোবৰ : বিগত দিনকেইটাত গোৱালপাৰা আৰক্ষীয়ে চোৰ-ডকাইতৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে । সোমবাৰে নিশা গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত শোলমাৰীত অভিযান চলাই আগিয়া আৰক্ষীয়ে ৫ টাকৈ দুধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰে ।

জানিব পৰামতে ৫ জনীয়া ডকাইতৰ দলটোৱে প্ৰথমে জিলাখনৰ কৃষ্ণাইত এগৰাকী ব্যৱসায়ীৰ পৰা ফোনযোগে ধনদাবী কৰিছিল। তাৰ পিচতে সেই দাবী কৰা ধনখিনি নিশা ব্যৱসায়ীগৰাকী নিবলৈ আহোঁতেই আৰক্ষীৰ উপস্থিতিৰ কথা উমান পাই ডকাইতৰ দলটোৱে প্ৰথমে কৃষ্ণাইৰ বজাৰৰ পলায়ন কৰে। তাৰ পিচতে ডকাইতৰ দলটোৱে কৃষ্ণাইৰ পৰা পোনে পোনে শোলমাৰীলৈ আহি পথচাৰীক অপহৰণ কৰিবলৈ পাং পাতে ৷

কিন্তু তেনে সময়তে কৃষ্ণাই আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু আগিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে শোলমাৰীৰ টাটা মৰ্টৰছৰ সন্মুখৰ পৰা ৫ জনীয়া দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ডকাইত কেইটা ক্ৰমে প্ৰণৱ কুমাৰ হাজোৱাৰী (৪৫) (গোৱালপাৰা), মুকুন্দ ৰাভা (২৭) (দুধনৈ), দীননাথ বসুমতাৰী (৩০) (দুধনৈ), অভিজিত বসুমতাৰী (২২) (দুধনৈ) আৰু জন্মজেয় বসুমতাৰী (৩৫) (দুধনৈ) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

গ্ৰেপ্তাৰ কৰা আটাইকেইটা অভিযুক্তৰ ঘৰ গোৱালপাৰা জিলাত বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে । সম্প্ৰতি ডকাইতৰ দলটোক অধিক তথ্যৰ বাবে আগিয়া আৰক্ষী থানাত মাৰথান জেৰা অব্যাহত ৰাখিছে।

উল্লেখ যে, যোৱা ২১ অক্টোবৰৰ নিশা শলমাৰীস্থিত শ্ৰী শ্ৰী মা কালি মন্দিৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি মা কালিৰ মূৰ্তিৰ ডিঙিৰ পৰা সোণ-ৰূপৰ অলংকাৰ চুৰি কৰিছিল এটা ৫ জনীয় চোৰৰ দলে । এই চুৰি কৰাৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল চিচিটিভি কেমেৰাত। চিচিটিভিৰ ভিডিঅ’ৰ ভিত্তিত আগিয়া আৰক্ষীয়ে অভিযান চলাই ৫ জনীয়া চোৰৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

লগতে পঢ়ক: Two youths arrested: বিলাসীপাৰাত সজীৱ গুলী, পিষ্টলসহ দুই যুৱকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.