ETV Bharat / state

Drugs Seized in Goalpara: গোৱালপাৰাত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

author img

By

Published : Apr 25, 2023, 9:40 PM IST

গোৱালপাৰাৰ ধুমেৰঘাট আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰিলে ৩৮ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ ৷ লগতে আটক এটা সৰবৰাহকাৰী ৷ জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা হ'ব বুলি জানিব পৰা গৈছে (Drugs Seized in Goalpara) ৷

Drugs Paddler Detained With Drugs in Goalpara)
আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

গোৱালপাৰাতো অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

গোৱালপাৰা, 25 এপ্ৰিল: ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ কঠোৰ অভিযান ৷ সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰাতো অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ গোৱালপাৰা জিলাৰ ধুমেৰঘাট আৰক্ষীৰ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান (Assam Police Drive Against Drugs) ৷

সোমবাৰে সন্ধিয়া গোৱালপাৰাৰ ধুমেৰঘাট আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰিলে ৩৮ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ ৷ উল্লেখযোগ্য যে, গোৱালপাৰা জিলাৰ ধূমেৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপুমণি চৌধুৰীৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নিশাৰ ভাগত খলিচাভিটাৰ কাতলামাৰী অঞ্চলত অভিযান চলায় ৷ এই অভিযানত আৰক্ষীৰ দলটোৱে জব্দ কৰে ৩৮ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ লগতে আটক কৰে এটা সৰবৰাহকাৰীক (Drugs Seized in Goalpara) ৷

আটকাধীন সৰবৰাহকাৰীটোৰ নাম ছাহানৱাজ ইছলাম বুলি জানিব পৰা গৈছে ৷ ধৃত ছাহানৱাজ ইছলামৰ ঘৰ ধুমেৰঘাট আৰক্ষী থানাৰ অন্তৰ্গত খলিচাভিটাৰ মুছলিম পাৰাত ৷ জব্দকৃত নিষিদ্ধ ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা হ'ব বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জানিবলৈ দিছে (Drugs Paddler Detained With Drugs in Goalpara) ৷

ধৃত সৰবৰাহকাৰীটোৱে দীৰ্ঘদিনৰ পৰা চলাই আহিছিল ড্ৰাগছৰ বেহা ৷ অৱশেষত গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰীটোক ৷ অধিক তথ্যৰ বাবে সম্প্ৰতি সৰবৰাহকাৰীটোক জেৰা চলাই থকা হৈছে বুলি উল্লেখ কৰিছে আৰক্ষী বিষয়াই (Drugs Seized Worth RS Fifty Thousand in Goalpara) ৷

উল্লেখযোগ্য যে, ৰাজ্যত ড্ৰাগছ তথা বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে কঠোৰ অভিযান ৷ বিভিন্ন সময়ত আৰক্ষীৰ এই অভিযানত জব্দ কৰিবলৈ সক্ষম হৈছে বুজন পৰিমাণৰ ড্ৰাগছ লগতে আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী ৷ ৰাজ্যৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলাই থকাৰ পাচতো কিন্তু এতিয়াও বন্ধ হোৱা নাই ড্ৰাগছৰ সৰবৰাহ ৷ সময়ে সময়ে আৰক্ষীৰ চকুত ধূলি দি দুষ্ট চক্ৰই ন ন কৌশল অৱলম্বন কৰি অব্যাহত ৰাখিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা (Drugs Paddler Arrested in Goalpara) ৷

লগতে পঢ়ক: Burmese Supari seized : কাছাৰত কোটি টকাৰ বাৰ্মিজ চুপাৰী জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.