ETV Bharat / state

CPIM protest: চৰকাৰ বিৰোধী শ্ল’গানেৰে গোৱালপাৰা চহৰ কঁপালে চি পি আই এম দলে

author img

By

Published : Mar 13, 2023, 6:54 PM IST

গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত চি পি আই এম দলৰ উত্তাল প্ৰতিবাদ । ১৩ দফীয়া দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ চি পি আই এমৰ (CPIM set on protest in Goalpara)।

CPIM protest against Assam Govt
CPIM set on protest in Goalpara

গোৱালপাৰাত প্ৰতিবাদত বহিল চিপিআইএম

গোৱালপাৰা, 13 মাৰ্চ: গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আজি চি পি আই এম দলৰ গোৱালপাৰা জিলা কমিটিয়ে কেইবাটাও দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ যে, গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত উচ্ছেদক কেন্দ্ৰ কৰি এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে । জিলাখনৰ যুগ যুগ ধৰি বিভিন্ন জাতি-জনজাতিৰ লোকসকলে বসবাস কৰি থকা বহুতো লোকৰ মাটি পট্টা নাই (Eviction against encroachment)।

প্ৰতি বছৰে জিলাখনৰ চৰ চাপৰিত বসবাস কৰি থকা লোকসকলে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া কৱলত পৰি ঘৰ-বাৰী, ভেঁটি-মাটি হেৰুৱাব লগীয়া হয় ৷ ফলত হাজাৰ হাজাৰ পৰিয়ালে উপায়হীন হৈ চৰকাৰী মাটি, বনাঞ্চল আৰু জলাশয়ত বসবাস কৰি আহিছে । এই সকল ভূমিহীন লোকক টাৰ্গেট কৰি এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গোৱালপাৰাত বৃহৎ উচ্ছেদ চলোৱাৰ ইংগিত প্ৰদান কৰিছে (Eviction in wetlands of Assam) ৷

সেয়ে সোমবাৰে চি পি আই এম দলৰ গোৱালপাৰা কমিটিৰ প্ৰায় শতাধিক লোকে হাতে হাতে প্লে’-কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । বিজেপি চৰকাৰ হায় হায়, বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ বন্ধ কৰক, হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ আদি ধ্বনিৰে জিলা উপায়ুক্ত কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে (CPIM protest against Assam Govt) ।

লগতে পঢ়ক: MP Dilip Saikia slams oppositions : একত্ৰিত হোৱাৰ আশাত থকা বিৰোধীক কটাক্ষ দিলীপ শইকীয়াৰ

চি পি আই এম দলৰ ৰাজ্যিক কমিটিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাগলৰ দৰে প্ৰলাপ বকিছে ৷ নিৰ্বাচনৰ আগত ৰাইজক মিছা প্ৰতিশ্ৰুতি দি জয় লাভ কৰি এতিয়া ৰাইজক ঠগিছে । নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰীয়ে ৰাইজক কৈছিল যে, যি সকল লোকে চৰকাৰী মাটিত বছৰ বছৰ ধৰি বসবাস কৰি আহিছে, তেওঁলোকৰ মাটি পট্টা দিয়া হ’ব ৷ এতিয়া নিৰ্বাচন পাৰ হৈছে মুখ্যমন্ত্ৰীয়ে এতিয়া জধেমধে সংস্থাপন নিদি উচ্ছেদ চলাই আছে (CPIM leader slams Assam CM) ।

চি পি আই এম দলৰ দাবীসমূহ হৈছে, বিকল্প ব্যৱস্থা নকৰাকৈ সকলো ধৰণৰ উচ্ছেদ বন্ধ কৰা, দখলকৃত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা, সকলো দুখীয়া শ্ৰেণীৰ পৰিয়ালক চৰকাৰী প্ৰিমিয়াম নোলোৱাকৈ মাটিৰ পট্টা প্ৰদান কৰা, বনাঞ্চলত বসবাস কৰি থকা লোকসকল আৰু ৰবৰ খেতিয়ক সকলক ২০০৬ চনৰ বনাঞ্চল আইনমতে মাটিৰ পট্টা প্ৰদান কৰা (CPIM set on protest in Goalpara) ৷

লগতে পঢ়ক: HSLC Paper Leak: পৰীক্ষা বাতিলৰ সিদ্ধান্তই লখিমপুৰত জ্বলাইছে প্ৰতিবাদৰ জুই

ইয়াৰোপৰি গৰাখহনীয়াত ভেটি-মাটি হেৰুৱাই বছৰ বছৰ ধৰি বনাঞ্চল, জলাশয়ত বসবাস কৰা লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদক পৰিকল্পনা বন্ধ কৰা, চৰ অঞ্চলৰ মাটি জৰীপ কৰি দখলকৃত মাটি পট্টা দিয়াৰো আদি দাবী তোলে চি পি আই এম দলে ৷ বাওঁ দলটোৰ গোৱালপাৰা জিলা কমিটিয়ে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.