ETV Bharat / state

Deforestation in Goalpara: চিৰদিনৰ বাবে ধ্বংস কৰিলে গোৱালপাৰাৰ দহিকটা সেউজ বনাঞ্চল

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 7:46 PM IST

Etv BharatDahikata forest Area Goalpara
চিৰদিনৰ বাবে ধ্বংস কৰিলে গোৱালপাৰাৰ দহিকটা সেউজ বনাঞ্চল

গোৱালপাৰা জিলাৰ মৰনৈ-দহিকটাত ৬০ বিঘা এলেকাৰ কুমলীয়া শাল গছ তহিলং । উদ্যোগ স্থাপনৰ নামত বি পি চি এলৰ ভেৰোণীয়া বাহিনীয়ে নিশাৰ এন্ধাৰত চোৰৰ দৰে বনাঞ্চলত চলালে ধ্বংসযজ্ঞ । চিৰ দিনৰ বাবে ধ্বংস কৰিলে দহিকটা সেউজ বনাঞ্চল ।

চিৰদিনৰ বাবে ধ্বংস কৰিলে গোৱালপাৰাৰ দহিকটা সেউজ বনাঞ্চল

গোৱালপাৰা, 5 নৱেম্বৰ : গোৱালপাৰা জিলাবাসী আৰু দল-সংগঠনৰ প্ৰতিবাদক নস্যাৎ । অৱশেষত মৰনৈত বি পি চি এল কোম্পানী স্থাপনৰ সকলো কণ্টক আঁতৰিল । বি পি চি এল কোম্পানীয়ে নিশাৰ এন্ধাৰত চোৰৰ দৰে কাটি তহিলং কৰিলে ৬০ বিঘা এলেকাৰ হেজাৰ হেজাৰ কুমলীয়া শালগছ । পৰিণতিত চিৰদিনৰ বাবে ধ্বংস হৈ পৰিল দহিকটা সেউজ বনাঞ্চলৰ এক বৃহৎ গুৰুত্বপূৰ্ণ সেউজ বনভূমি । আশ্ৰয়হীন হৈ পৰিল বনৰ বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকটি আৰু বনৰীয়া হাতীৰ জাক । কালিলৈকে মুক্তমনে বিচৰণ কৰি থকা বনৰীয়া হাতীৰ জাকৰ‌ বিচৰণ ভূমিৰ বনাঞ্চলখন নিশাটোৰ ভিতৰতে নাইকিয়া হৈ পৰিল ।

উল্লেখ্য যে আৰক্ষী, চি আৰ পি এফ বাহিনীৰ কটকটীয়া নিৰাপত্তাৰ মাজত কালি পুৱাৰে পৰা অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৃষ্ঠপোষক বি পি চি এল কোম্পানীয়ে দহিকটা বনাঞ্চলত এক ডজন গছ কটা মেচিনৰে চলোৱা ধ্বংসযজ্ঞৰ তীব্ৰ বিৰোধিতা কৰি ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল । প্ৰতিবাদকাৰীৰ উগ্ৰমূৰ্তিত সেও মানি বি পি চি এল কোম্পানীয়ে কালি দুপৰীয়া গছকটা পৰ্ব বন্ধ কৰিবলৈ বাধ্য হয় ।

প্ৰতিবাদৰ সময়ত বিশিষ্ট সমাজকৰ্মী ননী দাসে সহকাৰী আয়ুক্ত আশীক কলিতাৰ সৈতে মুখামুখি হৈ বনাঞ্চল ৰক্ষাৰ কেতবোৰ বাস্তৱ যুক্তি আগবঢ়ায় । বনাঞ্চলৰ গছ কটাৰ পূৰ্বে জিলা প্ৰশাসনে স্থানীয় ৰাইজৰ সৈতে আলোচনাত বহিব লাগিব । বনাঞ্চল ধ্বংস হ'লে ৰাইজৰ কি সমস্যা হ'ব সেই কথা প্ৰশাসনে জানিব লাগিব বুলি প্ৰতিবাদকাৰীৰ স্থিতি স্পষ্ট কৰি গছকটা পৰ্ব বন্ধ ৰাখিবলৈ দাবী জনায় ।

ইয়াৰ পাচতে গছকটা পৰ্ব স্তব্ধ হৈ পৰাত প্ৰতিবাদকাৰী ৰাইজে সাময়িকভাৱে হ'লেও স্বস্তিৰ নিশ্বাস এৰিছিল । কিন্তু প্ৰতিবাদকাৰী ৰাইজ তথা দল-সংগঠনৰ লোকসকল সন্ধিয়া ঘৰাঘৰি হোৱাৰ পাচতে বি পি চি এলৰ ভেৰোণীয়া বাহিনীয়ে পুনৰ গছকটীয়াসকলক মতাই আনি নিশাৰ এন্ধাৰত বনাঞ্চল তহিলং কৰাত নমাই দিয়ে ।

জানিব পৰা মতে মাটিয়া, দোমনী, সোনাপুৰ, নেপালিখুঁটিৰ পৰা ভাড়া কৰি অনা হোণ্ডা মেচিনসহ গছকটীয়াসকলে ওৰেনিশা ষাঠি বিঘা এলেকাৰ শালগছ কাটি খাস্তাং কৰে । প্ৰতিজনকে তিনি হেজাৰ টকাকৈ আৰু সহকাৰীক পাঁচশ টকাকৈ হাজিৰা বন্দবস্তি কৰি নিশাৰ এন্ধাৰত গছ কাটিবলৈ অনা হৈছিল ।

ইপিনে আৰক্ষী-চি আৰ পি এফ বাহিনী লগাই বনাঞ্চল ৰক্ষাৰ আন্দোলনকাৰীক বনাঞ্চলত প্ৰৱেশত বীৰদৰ্পে বাধা দিয়া অসম ঔদ্যোগিক উন্নয়ন নিগমকে ধৰি বি পি চি এল আৰু বি পি চি এলৰ ভেৰোণীয়া বাহিনীয়ে কিন্তু বদহিকটা বনাঞ্চলৰ হেজাৰ হেজাৰ কটা শাল গছবোৰক ৰক্ষা কৰি বন বিভাগক জমা দিবলৈ সক্ষম নহ'ল । জানিব পৰা মতে কটা শালগছসমূহ নিশাৰে পৰা একাংশ স্থানীয় ৰাইজে লুট কৰি লৈ যায় ।

আজি পুৱাৰে পৰা সন্ধিয়ালৈকে‌ কটা গছসমূহ চাইকেল, ঠেলা, ট্ৰেক্টৰেৰে একাংশ লোকে নিৰাপত্তাৰক্ষীৰ সন্মুখেৰে লৈ যোৱা পৰিলক্ষিত হয় । কিন্তু কোনোৱে ইয়াত হকাবাধা কৰা পৰিলক্ষিত নহ'ল । বি পি চি এলক আবণ্টত কৰা শালগছেৰে পৰিপূৰ্ণ সমগ্ৰ এলেকাটো গছমুক্ত হোৱাৰ পাচত কটা গছসমূহ সংৰক্ষণ বা বন বিভাগক চমজাই দিবলৈও কোনো পদক্ষেপ লোৱা দেখা নগ'ল ।

কালি তিনি/ চাৰি ট্ৰেক্টৰ কটা শালগছকে ধৰি পূৰ্বতে কটা গছসমূহো মাটিয়া ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ চৌহদত মজুত কৰা আছে । ইপিনে বনৰীয়া হাতীৰ কৰিড’ৰ আৰু বাসস্থান হিচাবে চিহ্নিত হৈ অহা দহিকটা বনাঞ্চল ৰক্ষাৰ বাবে পূৰ্বৰে পৰা মাত মাতি‌ অহা স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজ, বিভিন্ন দল-সংগঠনকে ধৰি বনাঞ্চল সুৰক্ষা কমিটীৰ সম্পাদক সহমান(চকমান) আলী, আমছুৰ জিলা সম্পাদক আনিমূল হক চৌধুৰী, জিলা ছাত্ৰ মুক্তিৰ সভাপতি জাকিৰ হুছেইন, চি পি আইৰ জ্যেষ্ঠ সক্ৰিয় কৰ্মী শৈলেন দাস, স্থানীয় সচেতন যুৱক জাকিৰ হুছেইনকে ধৰি বিভিন্ন সংবাদ কৰ্মী আৰু সচেতন লোকে আজি পুৱা বনাঞ্চলখন ধ্বংসৰ দুঃসংবাদটো পোৱাৰ পিচতে মুকবুধিৰ হৈ পৰিছে ।

লগতে পঢ়ক : Deforestation in Goalpara: গোৱালপাৰাত আৰক্ষী-মিলিটাৰী লগত লৈ বনবিভাগে অব্যাহত ৰাখিছে বন ধ্বংসযজ্ঞ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.