ETV Bharat / state

Haflong Crime update : মাত্ৰ 200 টকাৰ বাবেই প্ৰাণ গ’ল লালনেভা লিয়েনথাঙৰ

author img

By

Published : Aug 11, 2023, 2:21 PM IST

Haflong Crime update
হাফলং অসামৰিক চিকিৎসালয়ত মৃত্যু লালনেভা লিয়েনথাঙৰ

হাফলং অসামৰিক চিকিৎসালয়ত মৃত্যু হ’ল লালনেভা লিয়েনথাঙৰ ৷ বুধাবাৰে মাত্ৰ 200 টকাৰ বাবেই লালনেভা লিয়েনথাঙক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰিছিল শংকৰ দাস নামৰ এজন লোকে ৷ এই কথা উল্লেখ কৰিছে লালনেভা লিয়েনথাঙৰ পৰিয়ালৰ লোকে ৷

হাফলং অসামৰিক চিকিৎসালয়ত মৃত্যু লালনেভা লিয়েনথাঙৰ

হাফলং, 11 আগষ্ট : বৃহস্পতিবাৰে হাফলং অসামৰিক চিকিৎসালয়ত মৃত্যু হয় ডিমা হাছাও জিলাৰ সদৰ হাফলঙত চোকা অস্ত্ৰৰে আক্ৰমণ কৰা মহিলাগৰাকীৰ ৷ উল্লেখযোগ্য, যোৱা 8 আগষ্ট হাফলং অসামৰিক চিকিৎসালয়ৰ ওচৰতে থকা ব্যৱসায়ী লালনেভা লিয়েনথাং নামৰ এগৰাকী মহিলাক তেওঁৰ দোকানত কাম কৰা কৰ্মচাৰী শংকৰ দাসে চোকা অস্ত্ৰৰে আঘাত কৰে ৷ ফলত তেওঁ গুৰুতৰভাৱে আহত হয় লালনেভা লিয়েনথাং ৷

ইয়াৰ পিচতে মহিলাগৰাকীক হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । মহিলাগৰাকীৰ জীয়ৰীয়ে জনোৱা মতে, শংকৰ ছেত্ৰী নামৰ ব্যক্তি গৰাকী তেওঁৰ মাতৃৰ দোকানৰ কৰ্মচাৰী আছিল ৷ 8 আগষ্টৰ দিনা এই শংকৰ ছেত্ৰী নামৰ কৰ্মচাৰী গৰাকীয়ে তেওঁৰ মাতৃৰ ওচৰতে 200 টকা বিচাৰিছিল ৷ কিন্তু মহিলা গৰাকীয়ে 200 টকা এতিয়া নহয় বিয়লি ভাগলৈ দিব বুলি শংকৰ ছেত্ৰীক কৈছিল ৷

খোজাৰ লগে লগে 200 টকা নিদিয়াৰ বাবে শংকৰ ছেত্ৰীয়ে লালনেভা লিয়েনথাঙক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল । যাৰ ফলতে মহিলাগৰাকী গুৰুতৰভাৱে আহত হয় । অতি সংকটজনক অৱস্থাত জৰুৰীকালীনভাৱে লালনেভা লিয়েনথাঙক অস্ত্ৰোপ্ৰচাৰ কৰা হয় ।

কিন্তু অস্ত্ৰোপ্ৰচাৰ কৰাৰ পাচতেই লালনেভা লিয়েনথাঙৰ অৱস্থা বেয়াৰ দিশলৈহে গতি কৰে ৷ ফলত লালনেভা লিয়েনথাঙক হাফলং অসামৰিক চিকিৎসালয়ৰ আইচিইউৰ ভেন্টিলেচনত ৰখা হয় । কিন্তু বৃহস্পতিবাৰে সন্ধিয়া লালনেভা লিয়েনথাঙৰ হাফলং অসামৰিক চিকিৎসালয়তে মৃত্যু হয় ।

লালনেভা লিয়েনথাঙৰ জীয়ৰীয়ে জানিবলৈ দিয়া মতে, তেওঁৰ মাতৃক পেটত চোকা অস্ত্ৰৰে আঘাত কৰিছিল শংকৰ ছেত্ৰীয়ে । এই ঘটনা সংঘটিত কৰাৰ পাচৰ পৰাই পলাতক অৱস্থাত আছে অভিযুক্ত শংকৰ ছেত্ৰী ৷ এই ঘটনা সন্দৰ্ভত লালনেভা লিয়েনথাঙৰ পৰিয়ালৰ লোকে হাফলং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ কিন্তু বাতৰি যুগুত কৰা পৰলৈকে শংকৰ ছেত্ৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

ইপিনে লালনেভা লিয়েনথাঙৰ পৰিয়ালৰ লোকে এই ঘটনাত জড়িত শংকৰ ছেত্ৰীক অনতিপলমে গ্ৰেপ্তাৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷ অন্যথা ইয়াৰ পৰিণাম অতি ভয়াৱহ হ’ব বুলিও হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক : Crime in Haflong : শংকৰৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত লালনেভা লিয়েনথাং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.