ETV Bharat / state

Crime in Haflong : শংকৰৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত লালনেভা লিয়েনথাং

author img

By

Published : Aug 10, 2023, 8:58 AM IST

Crime in Haflong
হাফলঙত অঘটন

হাফলঙত অঘটন ৷ শংকৰ ছেত্ৰী নামৰ এজন যুৱকে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে লালনেভা লিয়েনথাং নামৰ এগৰাকী মহিলাক ৷ এই অভিযোগ লালনেভা লিয়েনথাঙৰ পৰিলৰ লোকৰ ৷ বৰ্তমান হাফলং অসামৰিক চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দি আছে লালনেভা লিয়েনথাঙে । ইফালে পলাতক হৈ আছে অভিযুক্ত শংকৰ ছেত্ৰী ৷

হাফলঙত অঘটন

হাফলং, 10 আগষ্ট : ডিমা হাছাও জিলাৰ সদৰ হাফলঙত ব্যাপক হাৰত বৃদ্ধি পাইছে অপৰাধৰ মাত্ৰা । এইবাৰ হাফলং অসামৰিক চিকিৎসালয়ৰ ওচৰতে এগৰাকী 38 বছৰীয়া মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে এগৰাকী ব্যক্তিয়ে । বৰ্তমান অতি সংকটজনক অৱস্থাত হাফলং অসামৰিক চিকিৎসালয়ৰ আইচিইউত ভৰ্তি হৈ আছে মহিলাগৰাকী ।

জানিব পৰা মতে, লালনেভা লিয়েনথাং নামৰ মহিলাগৰাকীৰ এখন দোকান আছে হাফলং অসামৰিক চিকিৎসালয়ৰ কাষতে আৰু তেওঁৰ দোকানৰ কৰ্মচাৰী আছিল শংকৰ ছেত্ৰী নামৰ এগৰাকী ব্যক্তি । সকলো ঠিকেই চলি আছিল ৷ মঙলবাৰে শংকৰ ছেত্ৰীয়ে লালনেভা লিয়েনথাঙক 200 টকা বিচাৰিছিল ৷ কিন্তু লালনেভা লিয়েনথাঙে দোকানত বিক্ৰী হোৱা নাই বাবে তেওঁক আবেলিলৈ টকা দিব বুলি কৈছিল ৷

বিচৰা টকা সময়মতে নিদিয়াৰ বাবে লালনেভা লিয়েনথাঙক শংকৰ ছেত্ৰীয়ে চোকা অস্ত্ৰৰে পেটত আঘাত কৰে । ফলত লালনেভা লিয়েনথাং গুৰুতৰভাৱে আহত হৈ হাফলং অসামৰিক চিকিৎসালয়ৰ ICU ত চিকিৎসাধীন হৈ আছে বুলি উল্লেখ কৰে তেওঁৰ জীয়ৰীয়ে ৷

ইতিমধ্যে বুধবাৰে হাফলং অসামৰিক চিকিৎসালয়ত লালনেভা লিয়েনথাঙৰ এটা গুৰুতৰ অপাৰেচন সম্পন্ন কৰা হয় । কিন্তু অপাৰেচনৰ পাচতো লালনেভা লিয়েনথাঙৰ অৱস্থা আৰু অধিক অৱনতি হৈছে বুলি সাংবাদিকৰ আগত উল্লেখ কৰে তেওঁৰ জীয়ৰীয়ে ৷ লালনেভা লিয়েনথাঙৰ জীয়ৰী উল্লেখ কৰা মতে, এই ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে শংকৰ ছেত্ৰীয়ে ৷

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত অভিযুক্ত শংকৰ ছেত্ৰীৰ বিৰুদ্ধে লালনেভা লিয়েনথাঙৰ পৰিয়ালৰ লোকে দাখিল কৰে এক এজাহাৰ ৷ বাতৰি যুগুত কৰা পৰ্যন্ত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই পলাতক হৈ থকা অভিযুক্ত শংকৰ ছেত্ৰীক ।

ইপিনে হাফলং অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ৰোণাল্ড বাটাৰীয়ে সাংবাদিকৰ আগতে কয় যে, মঙলবাৰে অতি সংকটজনক অৱস্থাত হাফলং চিকিৎসালয়লৈ অনা হৈছিল লালনেভা লিয়েনথাঙক ৷ চোকা অস্ত্ৰৰে পেটত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে লালনেভা লিয়েনথাঙক অপাৰেচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে চিকিৎসকৰ এটা দলে ।

কিন্তু অপাৰেচনৰ পিচতে লালনেভা লিয়েনথাঙৰ স্বাস্থ্য অৱনতি ঘটাত তেওঁক ৰখা হৈছে ভেন্টিলেচনত । বৰ্তমান জীৱন-মৃত্যুৰ সৈতে হাফলং অসামৰিক চিকিৎসালয়ৰ আইচিইউত যুঁজ দি আছে লালনেভা লিয়েনথাং ।

লগতে পঢ়ক : Tingkhong road accident:টিংখাঙত তীব্ৰ বেগী বাহনৰ খুন্দাত এজন নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.