ETV Bharat / state

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ১২ সমষ্টিত তৃণমূলৰ প্ৰাৰ্থী

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 7:21 PM IST

Trinamool Congress press conference in Haflong
অসম তৃণমূল কংগ্ৰেছৰ সংবাদমেল

NC Autonomous Council Election: ২০২৪ চনৰ ৮ জানুৱাৰীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন (TMC releases list of candidates) ৷ মঙলবাৰে তৃণমূল কংগ্ৰেছে পৰিষদৰ ১২ টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে ।

অসম তৃণমূল কংগ্ৰেছৰ সংবাদমেল

হাফলং,১৯ ডিচেম্বৰ: সমাগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ ২০২৪ চনৰ ৮ জানুৱাৰীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ২৮টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ২৮টা সমষ্টিৰ ১২ টা সমষ্টিত তৃণমূল কংগ্ৰেছে প্ৰতিদ্বন্দিতা আগবঢ়াব । আজি এই বিষয়ে ঘোষণা কৰে অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তড়িৎ চট্টোপাধ্যায়ে । মঙলবাৰে সন্ধিয়া এক সংবাদমেল যোগে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ১২টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰে তড়িৎ চট্টোপাধ্যায়ে ।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ হাফলং সমষ্টিত তৃণমূল কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি আচিং জেমিয়ে । তদুপৰি দিগেৰ সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেথমিনথাং খংচাই । জাতিংগা সমষ্টিৰ পৰা মাংলেন হাওলাই, বৰাইল সমষ্টিত থানেননেইদাম লিয়েনথাং ,জিনাম সমষ্টিৰ পৰা ভানলাল ইং পুই, মাৰ দাওটোহাজা সমষ্টিত বাইতেন্দ্ৰ চৰঙপাং, হাজাদিছা সমষ্টিৰ পৰা ধ্ৰুৱ হোজাই, গৰমপানী সমষ্টিত অনসিং টেৰণ ,খাৰটং সমষ্টিত লালথাংজচুয়া, নামপুই দিহাংগী সমষ্টিত পমপনদাও লাংথাচা ,লোৱাৰ খাৰটং সমষ্টিৰ পৰা লালথাং জুয়াল যৌতে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি কয় তড়িৎ চট্টোপাধ্যয়য়ে ।

ইপিনে, আম আদমী পাৰ্টি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ৫টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম আজি ঘোষণা কৰে । হাফলং আৰু গৰমপানি এই দুটা সমষ্টিৰ পৰা আম আদমী পাৰ্টীৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াব বাপজিত লাংথাচাই । বৰাইল সমষ্টিৰ পৰা লামখাওনেম হেংনা, দিয়ুংমুখ সমষ্টিৰ পৰা প্ৰমেন্দ্ৰ লাংথাচা আৰু খাৰটং সমষ্টিৰ পৰা কেনেথ নামপুই আম আদমী পাৰ্টীৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.