ETV Bharat / state

Amrit Bharat Station Scheme : নিউ হাফলং ষ্টেচনক উন্নত কৰা হ’ব অমৃত ভাৰত ষ্টেচনলৈ

author img

By

Published : Aug 5, 2023, 12:23 PM IST

Amrit Bharat Station Scheme
নিউ হাফলং ষ্টেচনক উন্নত কৰা হ’ব অমৃত ভাৰত ষ্টেচনলৈ

অমৃত ভাৰত ষ্টেচন হিচাপে ৰূপান্তৰিত কৰা হ’ব নিউ হাফলং ষ্টেচনক। দেওবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব আধাৰশিলা ৷

নিউ হাফলং ষ্টেচনক উন্নত কৰা হ’ব অমৃত ভাৰত ষ্টেচনলৈ

হাফলং 5 আগষ্ট: অমৃত ভাৰত ৰে’ল ষ্টেচন হিচাপে ৰূপান্তৰিত কৰা হ’ব নিউ হাফলং ষ্টেচনক। দেওবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব আধাৰশিলা ৷ অমৃত ভাৰত ষ্টেচন নিৰ্মাণৰ আঁচনিৰ অধীনত সমগ্ৰদেহত 508 খন অমৃত ভাৰত ষ্টেচনৰ আধাৰশিলা স্থাপন কৰিব । নিউ হাফলং ষ্টেচনৰ লগতে বৰাক উপত্যকাৰ নিউ কৰিমগঞ্জ ষ্টেচন, অৰুণাচল জংচন আৰু ত্ৰিপুৰাৰ উদয়পুৰ কুমাৰঘাট ধৰ্মনগৰ ষ্টেচনত আধাৰশিলা স্থাপন কৰিব কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

দেওবাৰে অমৃত ভাৰত ষ্টেচনৰ আধাৰশিলা স্থাপন উপলক্ষে নিউহাফলং ষ্টেচনত এক অনুষ্ঠানৰ আয়োজন কৰিছে উত্তৰ- পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই । শুকুৰবাৰে উত্তৰ-পূব সীমান্ত ৰে’লৰ লামডিং ডিভিচনৰ ডিআৰএম প্ৰেমৰঞ্জন কুমাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে ৷ তেওঁ কয় যে, নিউহাফলং ষ্টেচন, নিউকৰিমগঞ্জ ষ্টেচন আৰু অৰুণাচল জংচনক অমৃত ভাৰত ষ্টেচনৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । যাৰ বাবে এই তিনিখন ষ্টেচনক উন্নতমানৰ ষ্টেচন হিচাবে গঢ়ি তোলাৰ বাবে 35, 30 আৰু 29.2 কোটি টকা ব্যয় কৰা হ’ব।

সংবাদমেলত ডিআৰএম প্ৰেমৰঞ্জন কুমাৰে কয় যে, লামডিং ডিভিচনৰ অধীনত মোট 15 খন অমৃত ভাৰত ষ্টেচনৰ আধাৰশিলা স্থাপন কৰা হ’ব দেওবাৰে । লামডিং 40 কোটি, অৰুণাচল 29.2 কোটি, কুমাৰঘাট 30.25 কোটি, ধৰ্মনগৰ 32.06, কোটি নিউকৰিমগঞ্জ 30 কোটি, উদয়পুৰ 33.82 কোটি, নিউহাফলং 35 কোটি, লংকা 30.1 কোটি, হোজাই 33 কোটি, ডিফু 32 কোটি, সৰুপাথৰ 31 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব অমৃত ভাৰত ষ্টেচন । 2024 চনৰ ডিচেম্বৰৰ ভিতৰতে এই অমৃত ভাৰত ষ্টেচনৰ জৰিয়তে ৰে’লযাত্ৰী সকলক উন্নত সেৱা দিয়া হ’ব ৷

লগতে পঢ়ক:Viral Audio Case: ভাইৰেল অডিঅ’ কাণ্ডৰ এটা গোচৰত জামিন লাভ প্ৰাক্তন বিজেপি নেতা লাচিত গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.