ETV Bharat / state

Poor road condition: চৰকাৰৰ নাই কাণষাৰ; হাতে হাতে কোৰ লৈ পথ মেৰামতিত নামিল ৰাইজ

author img

By

Published : Aug 21, 2023, 1:25 PM IST

Pathetic Road condition at HAFLONG Dima hasao
ডিমা হাছাও জিলাত অনুন্নত পথ নিৰ্মাণত ব্যস্ত স্থানীয় লোক

চৰকাৰলৈ বাট চাই চাই উপায়বিহীন হৈ নিজেই পথ নিৰ্মাণত নামিল হাফলঙৰ সমীপৰ খংচাই গাঁওবাসীয়ে ৷ হাফলং লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ৷

ডিমা হাছাও জিলাত অনুন্নত পথ নিৰ্মাণত ব্যস্ত স্থানীয় লোক

হাফলং, 21 আগষ্ট: প্ৰতিটো ভাষণতে ৰাজ্যৰ চৌদিশে উন্নয়ন হোৱা বুলি দাবী কৰা ৰাজ্যত এতিয়া নিজৰ অনুন্নত পথ নিজেই মেৰামতি কৰিবলগীয়াত পৰিছে স্থানীয় ৰাইজে ৷ অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ সদৰ চহৰ হাফলঙৰ নিলগত থকা খংচাই গাঁওবাসীয়ে নিজেই পথ নিৰ্মাণ কৰিবলগীয়া হোৱা ঘটনাই হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ ফোঁপোলা স্বৰূপ উদঙাই দিলে ।

উল্লেখ্য যে, দীর্ঘ দিন ধৰি এই খংচাই গাঁৱৰ পথটোৰ জৰাজীৰ্ণ অৱস্থা । লোক নিৰ্মাণৰ অধীনত থকা এই গাঁৱৰ পথটো নিৰ্মাণ কৰাৰ বাবে হাফলং লোক নিৰ্মাণ বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে খংচাই গাঁৱৰ বাসিন্দাসকলে । অৱশেষত উপায়বিহীন হৈ গাঁওবাসীসকলে নিজৰ মাজতে ধন সংগ্ৰহ কৰি পথ নিৰ্মাণৰ কামত নামিছে । খংচাই গাঁৱৰ ভিলেজ কাউন্সিলৰ সদস্যসকলে এই পথটো নিৰ্মাণ কৰিছে বুলি জানিব পৰা গৈছে ।

স্থানীয় লোকে পথটোৰ দুৰাৱস্থাৰ বাবে জৰুৰীকালীন সেৱা লাভৰ পৰাও বঞ্চিত হৈ আহিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । ভিলেজ কাউন্সিলৰ সদস্যসকলৰ সদস্যসকলৰ উদ্যোগত অস্থায়ীভাৱে পথটো নিৰ্মাণ কৰা হৈছে যদিও স্থানীয় লোক অনতিপলমে খংচাই গাঁৱৰ এই পথটো চৰকাৰী উদ্যোগত দীৰ্ঘস্থায়ীভাৱে নিৰ্মাণ কৰাৰ দাবী তুলিছে । পথছোৱাৰ দুৰাৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আহিছে বুলিও জানিবলৈ দিয়ে শিক্ষাৰ্থীসকলে ।

চৰকাৰী বিভাগটোৱে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি অহাৰ বাবেই খংচাই গাঁওবাসীয়ে পথটো মেৰামতি কৰি সাময়িকভাৱে চলাচলৰ উপযোগী কৰি তুলিছে । উল্লেখ কৰা প্ৰয়োজন যে, অসমৰ অন্যতম পাহাৰীয়া জিলাখনৰ সদৰ চহৰখনৰ বাট-পথৰ এনে অৱস্থাই ৰাজ্য চৰকাৰখনৰ স্বৰূপ উদঙাই দেখুৱাইছে ৷

লগতে পঢ়ক: Assam BJP internal conflict: বিজেপিত সংঘাত সৃষ্টি কৰিবলৈ কংগ্ৰেছে আনিছে ন-বিজেপি পুৰণি বিজেপিৰ প্ৰসংগ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.