ETV Bharat / state

Separate Autonomous State Demand : পৃথক স্বায়ত্ব শাসিত ৰাজ্যৰ দাবীত উত্তাল হাফলং

author img

By

Published : Jul 25, 2022, 8:59 PM IST

অব্যাহত আছে ডিমা হাছাও আৰু কাৰ্বি-আংলঙক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবী ৷ সোমবাৰে ডিমাছা ষ্টুডেন্টচ্ এছ’চিয়েচনৰ উদ্যোগত সোমবাৰে হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হয় (Protest at Haflong demanding separate state)৷

Separate Autonomous State Demand
পৃথক স্বায়ত্ব শাসিত ৰাজ্যৰ দাবীত উত্তাল হ’ল হাফলং

ডিমা হাছাও, 25 জুলাই : অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও আৰু কাৰ্বি-আংলঙক লৈ পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীত আজি উত্তাল হৈ পৰে ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলং । ডিমাছা ষ্টুডেন্টচ্ এছ’চিয়েচনৰ উদ্যোগত সোমবাৰে হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হয় (Protest at Haflong demanding separate state)৷

কাৰ্বি ষ্টুডেন্ট এছোচিয়েচন, কাঞ্চাছদিকম মাৰ ষ্টুডেন্টস ইউনিয়ন, ডিমা হাছাও জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সংগঠন আৰু বিভিন্ন সামাজিক সংগঠনৰ শতাধিক সদস্যই ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ 244 (A) অনুচ্ছেদ অনুসৰি ৰাজ্যৰ ভিতৰত পৃথক স্বায়ত্ব শাসিত ৰাজ্যৰ দাবীত ধাৰণা কাৰ্যসূচী পালন কৰে (Karbi Anglong and Dima Hasao districts as autonomous State)। ‘‘ন’ অট’নমাছ ষ্টেট, ন’ ৱেষ্ট’’ এই শ্ল’গানৰে কাৰ্বি আংলঙৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীক কংগ্ৰেছ আৰু আঞ্চলিক ৰাজনৈতিক দল এএছডিচি তৃণমূল কংগ্ৰেছেও সমৰ্থন জনায় ৷

পৃথক স্বায়ত্ব শাসিত ৰাজ্যৰ দাবীত উত্তাল হ’ল হাফলং

উল্লেখযোগ্য যে, দীৰ্ঘদিনধৰি ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাক পৃথক ৰাজ্য হিচাবে ঘোষণাৰ দাবীত দাবীত আন্দোলন হৈ আহিছে । পৃথক স্বায়ত্ব শাসিত ৰাজ্যৰ দাবীত এই জিলা দুখনত সশস্ত্ৰ আন্দোলন পৰ্যন্ত আৰম্ভ হৈছিল । বিগত চাৰি দশকৰ পৰা অসমৰ পাহৰীয়া জিলা দুখনৰ ৰাইজে নিজৰ অস্তিত্ব, কৃষ্টি-সংস্কৃতি উন্নয়নৰ স্বাৰ্থত পৃথক স্বায়ত্ব শাসিত ৰাজ্যৰ দাবীত আন্দোলন কৰি আহিলেও ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ এই দাবী লৈ কোনো পদক্ষেপ লোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে ৷

ডিমাছা ষ্টুডেণ্ট ইউনিয়নৰ(Dimasa Students Union) সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুঙে কয়, ‘‘পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবী আমাৰ সাংবিধানিক অধিকাৰ ৷ ভাৰতীয় সংবিধাৰ ষষ্ঠ অনুসূচীৰ অধীনত 244(A) অনুচ্ছেদৰ অধীনত ৰাজ্যৰ ভিতৰতে পৃথক ৰাজ্য গঠনৰ দাবী দীৰ্ঘ দিনৰ কিন্তু আজিলৈকে ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰ আমাৰ এই দাবী পূৰণ কৰা নাই’’ ৷ লগতে তেওঁ কয়, ‘‘যেতিয়ালৈকে চৰকাৰে আমাৰ পৃথক স্বায়ত্ব শাসিত ৰাজ্যৰ দাবী পূৰণ নকৰে তেতিয়ালৈকে আমাৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব ’’।

অহা 8 আগষ্টত পৃথক স্বায়ত্ব শাসিত ৰাজ্যৰ দাবীত দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলিও জানিবলৈ দিয়ে প্ৰমিত চেংয়ুঙে । প্ৰমিত চেংয়ুঙে কয়, পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীৰ ক্ষেত্ৰত অনতিপলমে লোকসভাৰ মজিয়াত উত্থাপন নকৰা পৰ্যন্ত এই গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব ৷

লগতে পঢ়ক: Protest in Punjab: স্থায়ী নিযুক্তি দাবীত পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.