ETV Bharat / state

ডিমা হাচাওৰ হাৰেংগাজাও আৰক্ষী থানা ঘেৰাও স্থানীয় ৰাইজৰ

author img

By

Published : Apr 26, 2020, 8:15 PM IST

ঠিকাদাৰ সন্তোষ হোজাইক উদ্ধাৰৰ দাবীত দেওবাৰে হাৰেংগাজাও আৰক্ষী থানা ঘেৰাও স্থানীয় ৰাইজৰ ৷ উল্লেখ্য যে, 24 এপ্ৰিল হাৰেংগাজাও আৰক্ষী থানাৰ অন্তৰ্গত গামাডি হাওৰৰ ঘৰৰ পৰা 5 জনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰি লৈ যায় ঠিকাদাৰ সন্তোষ হোজাইক । 48 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো আৰক্ষীয়ে ঠিকাদাৰজনৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰাৰ বাবে স্থানীয় ৰাইজে আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

ডিমা হাচাওৰ হাৰেংগাজাও আৰক্ষী থানা ঘেৰাও স্থানীয় ৰাইজৰ
ডিমা হাচাওৰ হাৰেংগাজাও আৰক্ষী থানা ঘেৰাও স্থানীয় ৰাইজৰ

ডিমা হাছাও, 26 এপ্ৰিল : হাৰেংগাজাও আৰক্ষী থানাৰ অন্তৰ্গত গামাডি হাওৰৰ ঘৰৰ পৰা সন্তোষ হোজাই নামৰ ঠিকাদাৰজনক 5 জনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰি নিয়াৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ সন্ধিয়া 6 বজাত এখন বগা ৰঙৰ বলেৰ’ বাহনত ঠিকাদাৰ সন্তোষ হোজাইক অপহৰণ কৰি লৈ যায় দুৰ্বৃত্তৰ দলটোৱে।

ডিমা হাচাওৰ হাৰেংগাজাও আৰক্ষী থানা ঘেৰাও স্থানীয় ৰাইজৰ

ইপিনে সন্তোষ হোজাইৰ অপহৰণৰ 48 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো আৰক্ষীয়ে কোনো সন্ধান উলিয়াব নোৱাৰাত দেওবাৰে লক ডাউন অমান্য কৰি সন্তোষ হোজাইৰ উদ্ধাৰৰ দাবীত শতাধিক পুৰুষ-মহিলাই হাৰেংগাজাও থানা ঘেৰাও কৰে ।

আনহাতে সন্তোষ হোজাইৰ পত্নী জয়তা হোজাইয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে, লক ডাউনৰ সময় ছোৱাত ব্যক্তিগত বাহনেৰে 5 জন লোক কেনেকৈ একেলগে ঘূৰি ফুৰিব পাৰে আৰু অপহৰণ কাণ্ড সংঘটিত কৰিব পাৰে ৷ এই প্ৰশ্ন উত্থাপন কৰি অনতিপলমে স্বামীক উদ্ধাৰৰ দাবী জনায় জয়তা হোজাইয়ে।

হাৰেংগাজাও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অংশু ৰাজকুমাৰে জানিবলৈ দিয়ে যে,ঠিকাদাৰ সন্তোষ হোজাইক উদ্ধাৰৰ বাবে আৰক্ষীৰ অভিযান অব্যাহত ৰখাৰ লগতে সকলো ধৰণৰ চেষ্টা চলোৱা হৈছে। কিন্তু এতিয়ালৈকে ঠিকাদাৰজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ডিমা হাছাও আৰক্ষী।

লগতে পঢ়ক : ৭৫ জন যাত্ৰীক ঘৰলৈ যোৱাৰ ব্যৱস্থা নগাঁও জিলা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.