ETV Bharat / state

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে দেবলাল গাৰ্লোচাৰ মনোনয়ন পত্ৰ দাখিল

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 9:55 PM IST

NC Hills Autonomous Council Election
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

NC Hills Autonomous Council Election : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল বিভিন্ন প্ৰাৰ্থীৰ ৷ দিহাংগী সমষ্টিৰ বিজেপি প্ৰাৰ্থী দেবলাল গাৰ্লোচাইয়ো বুধবাৰে দলে-বলে মনোনয়ন পত্ৰ দাখিল কৰে ৷

দেবলাল গাৰ্লোচাৰ মনোনয়ন পত্ৰ দাখিল

হাফলং, 21 ডিচেম্বৰ : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে পৰিষদৰ দিহাংগী সমষ্টিৰ বিজেপি প্ৰাৰ্থী দেবলাল গাৰ্লোচাই বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰে ৷ দলে-বলে দিনৰ 11 বজাত দিহাংগী সাংবাৰ ব্লক কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰে দেবলাল গাৰ্লোচাই ৷

মনোনয়ন পত্ৰ দাখিল কৰি দেবলাল গাৰ্লোচাই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ বিগত নিৰ্বাচনত যিমান ব্যৱধানত জয়লাভ কৰিছিল, এইবাৰ তাতোতকৈয়ো বেছি ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে ৷ লগতে বিজেপি দলে পাৰ্বত্য পৰিষদৰ 28 টা সমষ্টিতেই জয়লাভ কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰে দেবলাল গাৰ্লোচাই ৷ তেওঁ কয় যে, বিগত 7 বছৰ যি ধৰণৰ উন্নয়নমূলক কাম কৰিছে, এইবাৰ জয়ী হোৱাৰ পিচতো আৰু অধিক কাম কৰি যাম তেওঁ ৷

তদুপৰি আজি হাফলং সমষ্টিৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ কংগ্ৰেছ প্ৰাৰ্থী মায়ানন কেম্প্ৰাই মনোনয়ন পত্ৰ দাখিল কৰে ৷ লগতে হাডিংমা সমষ্টিৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী দীপালী হাপিলাই মনোনয়ন পত্ৰ দাখিল কৰে ৷ ইয়াৰ উপৰিও দিহামলাই সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী নামৰাং জেমি, খাৰটং সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী লালৰেমচিয়ামে দাৰনে আৰু নিৰ্দলয়ী প্ৰাৰ্থী ৰাংগালুংবে জেমিয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷ ইফালে হাফলং সমষ্টিৰ বাবে তৃণমূল কংগ্ৰেছৰ সভাপতি আচিং জেমি আৰু জাতিংগা সমষ্টিৰ মাংলেন হাওলাই হাফলং জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ৷ দিগেৰ সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী সেথমিনথাং খংচাই আজি মনোনয়ন পত্ৰ দাখিল কৰে ৷

আনহাতে হাফলং সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আচিং জেমিয়ে মনোনয়ন দাখিল কৰি সাংবাদিকৰ আগত হাফলং সমষ্টিৰ পৰা তেওঁৰ জয় এইবাৰ নিশ্চিত বুলি মন্তব্য কৰে ৷ কিয়নো বিজেপিয়ে ৰাইজৰ মাজত বিভাজনৰ ৰাজনীতি আৰু সাম্প্ৰদায়িক ৰাজনীতি কৰিছে আৰু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ ৰাইজে দিব বুলি কয় তেওঁ ৷ তেওঁ কয় যে, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদত হাজাৰ কোটি টকা আহিলেও ইয়াত কোনো উন্নয়নৰ কাম হোৱা নাই ৷

লগতে পঢ়ক : গেৰেজৰ পুৰণি গাড়ীৰ দৰে বিজেপিত পুৰণি নেতাৰ সমাদৰ নাই: উদয় শংকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.