ETV Bharat / state

Amrit Bharat Station Scheme: অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত পুনৰ বিকশিত কৰা হ’ব নিউ হাফলং ষ্টেচন

author img

By

Published : Aug 6, 2023, 6:29 PM IST

Amrit Bharat Station Scheme
নিউ হাফলং ষ্টেচন

দেওবাৰে ভাৰ্চুৱেলী দেশৰ 508 টা অমৃত ভাৰত ষ্টেচন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ অমৃত ভাৰত ষ্টেচন আচঁনিৰ অধীনত লামডিং ডিভিজনৰ অধীনৰ নিউ হাফলং ষ্টেচনৰ পুনৰ বিকাশ আধাৰশিলাও স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে ৷

অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধাৰশিলা স্থাপন নিউ হাফলং ষ্টেচনৰ

হাফলং, 6 আগষ্ট : ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেওবাৰে দেশৰ 508 টা অমৃত ভাৰত ষ্টেচন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ দেওবাৰে দিনৰ 11 বজাত প্ৰধানমন্ত্ৰীয়ে দেশৰ 508 টা অমৃত ভাৰত ষ্টেচন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, এয়া এক নতুন অধ্যায়ৰ সূচনা ৷ দেশৰ 1,300 প্ৰমুখ ষ্টেচনক অমৃত ভাৰত আঁচনিৰ অধীনত সামৰি লোৱা হ’ব ৷ আৰু দেওবাৰৰ পৰা 508 টা অমৃত ভাৰত ষ্টেচন নিৰ্মাণৰ কাম আৰম্ভ হ’ব।

ইয়াৰ বাবে মুঠ 25 হাজাৰ কোটি টকা ব্যয় হ’ব ৷ ইয়াৰ জৰিয়তে দেশৰ ৰে’ল সেৱাৰ আন্তঃগাথনিৰ উন্নয়নৰ ক্ষেত্ৰত এক ডাঙৰ অভিযান বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ উল্লেখ্য যে, অমৃত ভাৰত ষ্টেচন আচঁনিৰ অধীনত লামডিং ডিভিজনৰ অধীনত থকা নিউ হাফলং ষ্টেচনৰ পুনৰ বিকাশ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ নিউ হাফলং ষ্টেচনো অমৃত ভাৰত ষ্টেচন আচঁনিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ৷ মুঠ 33.3 কোটি টকা ব্যয় কৰি নিউ হাফলং ষ্টেচনক অমৃত ভাৰত ষ্টেচনলৈ ৰূপান্তৰিত কৰা হ’ব ৷

লামডিং ডিভিজনৰ অধীনৰ নিউ হাফলং ষ্টেচনত উত্তৰ-পূব সীমান্ত ৰে’লেৱেই এক অনুষ্ঠানৰ আয়োজন কৰে ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত আছিল ৰাজ্যৰ শক্তি তথা ক্ৰীড়া যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰাণু লাংথাচা, কাৰ্যনিৰ্বাহ সদস্য চেময়েল চাংচন, ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস, আৰক্ষী অধীক্ষক মায়ঙ্ক কুমাৰ আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি ৷ এই অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই কয় 1903 চনত লামডিং-বদৰপুৰ মিটাৰগজ ৰে’ল পথ নিৰ্মাণ হৈছিল আৰু আজি 123 বছৰৰ পিচত আমি ইয়াৰ সুফল পালোঁ ৷

মন্ত্ৰীগৰাকীয়ে কয় এই মিটাৰগজ ৰেলপথে পৰ্যটকসকলক আকৰ্ষিত কৰিব ৷ বহু লোক বাহিৰৰ পৰা আহে পাহাৰীয়া জিলাখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ বাবে আৰু এই ক্ষেত্ৰত মিটাৰগজ ৰে’ল পথটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি কয় তেওঁ ৷

লগতে পঢ়ক : Amrit Bharat station scheme: অমৃত ভাৰত ষ্টেচনত অন্তৰ্ভুক্ত নহ’ল প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ লখিমপুৰ-ধেমাজিৰ ৰে’লৱে ষ্টেচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.