ETV Bharat / state

Amrit Bharat station scheme: অমৃত ভাৰত ষ্টেচনত অন্তৰ্ভুক্ত নহ’ল প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ লখিমপুৰ-ধেমাজিৰ ৰে’লৱে ষ্টেচন

author img

By

Published : Aug 6, 2023, 4:05 PM IST

Updated : Aug 6, 2023, 4:22 PM IST

Amrit Bharat station scheme
প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ লখিমপুৰ-ধেমাজিৰ ৰে’লৱে ষ্টেচন

দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা লখিমপুৰ-ধেমাজি ৰে’লৱে ষ্টেচন ৷ কিন্তু অমৃত ভাৰত ৰে’লৱে ষ্টেচন আঁচনিৰ ভিতৰত অন্তৰ্ভুক্ত নহ’ল লখিমপুৰ-ধেমাজিৰ এটাও ৰে’লৱে ষ্টেচন । সাংসদ বিধায়কৰ ভূমিকাত তীব্র ক্ষোভ সচেতন নাগৰিকৰ ।

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ লখিমপুৰ-ধেমাজিৰ ৰে’লৱে ষ্টেচন

লখিমপুৰ, ৬ আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে দেশৰ ৫০৮ টা ৰে’লৱে ষ্টেচনৰ উন্নয়ন আঁচনি উদ্বোধন কৰে । অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উদ্বোধন কৰিবলগীয়া ষ্টেচনসমূহৰ ভিতৰত অসমৰ আছে ৩২ টা । কিন্তু দেশৰ প্ৰতিৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা ৰে’ল পথচোৱাৰ লখিমপুৰ-ধেমাজিৰ এটাও ষ্টেচন এই আঁচনিত অন্তর্ভুক্ত নহ‘ল । যাৰবাবে সচেতন নাগৰিকে এতিয়া তীব্র প্রতিক্রিয়া প্ৰকাশ কৰিছে ।

১৯৬২ চনত চীন-ভাৰত যুদ্ধৰ সময়ত প্ৰতিৰক্ষাৰ খাতিৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে লখিমপুৰ ধেমাজিক সামৰি মুৰ্কংচেলেকলৈকে ততাতৈয়াকৈ নিৰ্মাণ কৰা কৰা হৈছিল মিটাৰ গজ ৰে’লসেৱা । সৈন্যবাহিনী-ৰচদ পাতি কঢ়িওৱাত তেতিয়া গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল এই মিটাৰ গজ ৰে’লসেৱাই। যুদ্ধোত্তৰ কালত এই ৰে’ল পথচোৱা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আৰ্থ সামাজিক বিকাশত ভূমিকা গ্রহণ কৰে ।

ৰাইজে পৰৱৰ্তী সময়ত কেইবাটাও দশক ধৰি এই মিটাৰ গজ ৰে’লসেৱা ব্ৰডগজলৈ উন্নীত কৰাৰ দাবী জনাই অহাৰ ফলত কেইবছৰমানৰ আগতে ব্ৰডগজলৈ উন্নীত কৰা হয় এই ৰে’ল পথচোৱা । শেহতীয়াকৈ এই ৰে’ল পথক লৈ ৰাইজ সোঁচ্চাৰ হৈ পৰিছে । কিয়নো কেন্দ্রৰ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত দেশৰ ৫০৮ টা ৰে’ল ষ্টেচন উন্নয়ন কৰিব খোজা হৈছে । ইয়াৰ ভিতৰত অসমৰ আছে ৩২ টা ষ্টেচন ।

কিন্তু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰতিৰক্ষা ৰ দিশত অতি গুৰুত্বপূর্ণ এই ৰে’ল পথচোৱাত লখিমপুৰ ধেমাজি জিলাৰ জিলাত এটাও ষ্টেচন এই উন্নয়নৰ তালিকাত অন্তর্ভুক্ত নহ‘ল । যাৰবাবে সচেতন নাগৰিকসকল ক্ষুদ্ধ হৈ পৰিছে । স্থানীয় সাংসদ প্ৰদান বৰুৱাৰ লগতে বিধায়ক মানৱ ডেকাৰ ভূমিকাক ৰাইজে তীব্র সমালোচনা কৰিছে । এই দুয়োখন জিলাৰ ভিতৰত এটাও ষ্টেচন উন্নয়ন আচনিত অন্তর্ভুক্ত কৰিব নোৱাৰাত ৰাইজে সাংসদ বিধায়কক ধিক্কাৰ জনাইছে ।

যুদ্ধকালীন পৰিস্থিতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰ । যুদ্ধ বিমানৰ উৰণ-অৱতৰণ ইতিমধ্যে পৰীক্ষা কৰি বিমান বন্দৰটো যুদ্ধকালীন পৰিস্থিতিত ব্যৱহাৰ কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে । কিন্তু ৰে’লসেৱাৰ ক্ষেত্রত এই দিশক সম্পূর্ণ ওলাই কৰা হৈছে । যাৰবাবে দেশৰ ৫০৮ টা ষ্টেচনৰ ভিতৰত লখিমপুৰ-ধেমাজিৰ এটাও ষ্টেচন অন্তর্ভুক্ত কৰা নহ’ল । সেয়ে লখিমপুৰৰ সচেতন নাগৰিক এতিয়া ক্ষুণ্ণ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিশেষকৈ সাংসদজনক তীব্র সমালোচনা কৰিছে ।

লগতে পঢ়ক: Important day for country : প্ৰধানমন্ত্ৰীৰ হাতেৰে দেশৰ ৫০৮ টা ৰেল ষ্টেচনৰ পুনঃ উন্নয়নৰ আধাৰশিলা স্থাপন; অসমৰ ৩২ টা

Last Updated :Aug 6, 2023, 4:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.