ETV Bharat / state

লামডিং-বদৰপুৰ পথত এতিয়াও ৰে’ল চলাচল অনিশ্চিত

author img

By

Published : Jun 17, 2022, 7:19 PM IST

লামডিঙত পুনৰ বান আৰু ভূমিস্খলনৰ তাণ্ডৱ (Flood and landslides again in Lumding) ৷ ভূমিস্খলনৰ ফলত যোৱা তিনিদিনৰ পৰা হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে ( National Highway at Haflong-Silchar has been closed due to landslides) । লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথৰ দাওটুহাজা -ফাইডিঙৰ মাজতে থকা 84/2-4 কিলোমিটাৰ অংশত ৰে’ল লাইনৰ তলৰ মাটি খহি পৰে ।

National Highway at Haflong Silchar has been closed due to landslide
লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথত এতিয়াও ৰে’ল চলাচল অনিশ্চিত

ডিমা হাছাও, 17 জুন: লামডিঙত পুনৰ বান আৰু ভূমিস্খলনৰ তাণ্ডৱ (Flood and landslides again in Lumding)৷ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ কিমান ভয়ংকৰ তাৰ উদাহৰণ হৈছে ডিমা হাছাও । অসমৰ অন্যতম পাহাৰীয়া জিলাখনৰৰ চাৰিও দিশত এতিয়া ধ্বংসস্তূপ । বিগত এমাহ পূৰ্বে ডিমা হাছাও জিলা ধ্বংসস্তুপত পৰিণত হৈছিল যদিও পুনৰ স্বাভাৱিক হৈছিল জীৱন যাত্ৰা ৷ কিন্তু যোৱা তিনি দিনৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ৰুদ্ৰ ৰূপ লৈছে পাহাৰীয়া জিলাই ৷

National Highway at Haflong Silchar has been closed due to landslide
লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথত এতিয়াও ৰে’ল চলাচল অনিশ্চিত

জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ বিপৰীতে আকৌ বন্ধ হৈ পৰিছে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ । ভূমিস্খলনৰ ফলত যোৱা তিনিদিনৰ পৰা হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে (National Highway at Haflong-Silchar has been closed due to landslide)। ভূমিস্খলনৰ ফলত শিলচৰৰ পৰা মেঘালয় হৈ গুৱাহাটীলৈ যোৱাৰ 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথো বন্ধ হৈ পৰে ৷ যাৰ ফলত এতিয়া বৰাক উপত্যকাৰ তিনিখন জিলা ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ লগতে বহিঃবিশ্বৰ যোগাযোগ সম্পূৰ্ণ ৰূপে বিছিন্ন হৈ পৰিছে ৷

National Highway at Haflong Silchar has been closed due to landslide
লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথত এতিয়াও ৰে’ল চলাচল অনিশ্চিত

ইপিনে বৰষুণৰ ফলত লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথৰ দাওটুহাজা -ফাইডিঙৰ মাজতে থকা 84/2-4 কিলোমিটাৰ অংশত ৰেল লাইনৰ তলৰ মাটি খহি পৰে । বিগত 14 মে’ত এই ঠাইত 100 মিটাৰ এলেকাত ৰে’ল লাইনৰ তলৰ পৰা মাটি খহি পৰাৰ ফলত ৰে'ল লাইন বাগৰি পৰিছিল ৷

National Highway at Haflong Silchar has been closed due to landslide
লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথত এতিয়াও ৰে’ল চলাচল অনিশ্চিত

ইয়াৰ উপৰিও ফাইডিং আৰু মাইবাঙৰ মাজেৰে বৈ যোৱা পাহাৰীয়া নৈৰ পানীয়ে ৰে’ল লাইনৰ তলৰ মাটি উটুৱাই লৈ গৈছিল ৷ এই স্থানত মেৰামতিৰ কাম-কাজ চলি থকাৰ সময়ত বৰষুণৰ ফলত মাহুৰ নৈত জলস্তৰ বৃদ্ধি হোৱাত নতুনকৈ মেৰামতি কৰি ভৰোৱা মাটি পুনৰ নৈৰ পানীয়ে উটুৱাই লৈ যায় ।

National Highway at Haflong Silchar has been closed due to landslide
লামডিং-বদৰপুৰ ব্ৰডগজ ৰে’লপথত এতিয়াও ৰে’ল চলাচল অনিশ্চিত

উল্লেখ্য যে , প্ৰতিকূল বতৰৰ বাবে এতিয়া ৰে’লকৰ্মীসকলে কাম কৰিবলৈ সমস্যাৰ সৃষ্টি হৈছে ফলত কামত বিলম্ব হৈছে । উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই 10 জুলাইৰ টাৰ্গেট লৈ ৰে’লপথ মেৰামতিৰ কাম কৰি গৈ আছিল যদিও কিন্তু বৰ্তমান এনে পৰিস্থিতিত কাম সম্পূৰ্ণ হোৱাক লৈ সন্দেহ দেখা দিয়াৰ বাবে এতিয়াও লামডিং-বদৰপুৰ পাহাৰ লাইনত ৰে’ল চলাচল অনিশ্চিত ।

লগতে পঢ়ক : ডিমা হাচাওত বান-ভূমিস্খলনৰ ধ্বংসলীলা: বাতিল বহুকেইখন ৰে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.