ETV Bharat / state

17 দিনৰ মূৰত লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথ পুনৰ মুকলি

author img

By

Published : Jun 18, 2020, 2:57 AM IST

উত্তৰ পূব সীমান্ত ৰে'লৱেৰ জনসংযোগ বিষয়া নৃপেন্দ্ৰ ভট্টাচাৰ্যই জনোৱা মতে, আজি বহু দিনৰ মুৰত ৰেলৰ ইঞ্জিন চলে পাহাৰ লাইনত ।

17 দিনৰ মূৰত লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথ পুনৰ মুকলি
17 দিনৰ মূৰত লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথ পুনৰ মুকলি

ডিমা হাছাও, 17 জুন : অৱশেষত 17 দিনৰ মুৰত বুধবাৰে ইঞ্জিন চলিল লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত । বিগত 1 জুনৰ নিশা মুপা আৰু মাইবাঙৰ মাজত হোৱা ভূমিস্খলনৰ ফলত পাহাৰ লাইনত ৰেলসেৱা ব্যহত হৈ পৰিছিল ।

17 দিনৰ মূৰত লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথ পুনৰ মুকলি

উত্তৰ পূব সীমান্ত ৰে'লৱেৰ জনসংযোগ বিষয়া নৃপেন্দ্ৰ ভট্টাচাৰ্যই জনোৱা মতে, আজি বহু দিনৰ মুৰত ৰেলৰ ইঞ্জিন চলে পাহাৰ লাইনত । অহাকালি ট্ৰেক চাৰ্টিফিকেট দিয়াৰ পিছত মালবাহী ৰেল চলাচল আৰম্ভ হ'ব । মালবাহী ৰে'লৰ পিচতেই চলিব যাত্ৰীবাহী ৰে'ল । নৃপেন্দ্ৰ ভট্টাচাৰ্যই জনোৱা মতে, মুপা আৰু মাইবাঙৰ মাজত ভূমিস্খলনৰ ফলত যোৱা 1 জুনৰ পৰা লামডিং-শিলচৰ হিল চেকচনত ৰেল সেৱা ব্যাহত হৈ আছিল ৰেলকৰ্মী সকলে দিনে নিশাই কাম কৰি মেৰামতি সম্পূৰ্ণ কৰি তুলিছিল ৷ পিছত বুধবাৰে পৰীক্ষামূলক ভাৱে ইঞ্জিন চলোৱা হয় বুলি জনায় নৃপেন্দ্ৰ ভট্টাচাৰ্যই ।

লগতে পঢ়কঃ মহিলাক অশালীন ব্যৱহাৰ কৰি আৰক্ষীৰ জালত ছাত্ৰ পৰিষদৰ নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.