ETV Bharat / state

Upcoming NC Hill Council Elections : আগন্তুক নিৰ্বাচনত ধৃতি থাওচেনক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী লাংটিং সমষ্টিৰ ৰাইজৰ

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 1:44 PM IST

Upcoming NC Hill Council Elections
সমাগত উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচন

সমাগত উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচন ৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ লাংটিং সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থী হিচাবে ধৃতি থাওচেনক বিচাৰিছে সাধাৰণ ৰাইজে ।

সমাগত উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচন

হাফলং, 7 নৱেম্বৰ : উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচন সমাগত । নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও জিলাত এতিয়া নিৰ্বাচনৰ বতাহ বলিছে । অৱশ্যে এতিয়াও নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা নাই ৰাজ্যৰ নিৰ্বাচন আয়োগে । অৱশ্যে অহা ডিচেম্বৰ বা জানুৱাৰী মাহত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । এই অৱস্থাত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতাত থকা বিজেপি দলৰ প্ৰাৰ্থীত্ব লৈ আৰম্ভ হৈছে জল্পনা কল্পনা ।

পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 28 খন সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ দাবীদাৰ একাধিক । ইয়াৰ মাজতে বহু কেইটা সমষ্টিত ৰাইজে এইবাৰ নতুন মুখ বিচাৰিছে । সোমবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধীনত থকা লাংটিং সমষ্টিৰ বাবে ডিমা হাছাও জিলা বিজেপিৰ সাধাৰণ সম্পাদক ধৃতি থাওচেনক প্ৰাৰ্থী কৰাৰ দাবী লৈ লাংটিং সমষ্টিৰ শতাধিক ৰাইজ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচাক সাক্ষাৎ কৰে ৷

বৰ্তমানৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য গোলঞ্জ থাওচেনৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি তেওঁ কয়, ‘‘যোৱা পাঁচ বছৰত গোলঞ্জ থাওচেনে লাংটিঙৰ সাধাৰণ ৰাইজৰ লগতে কোনো ধৰণৰ যোগাযোগ ৰক্ষা কৰা নাছিল । লাংটিং সমষ্টিৰ ৰাইজৰ অভিযোগ যোৱা পাঁচ বছৰত ৰাইজৰ বাবে তেওঁ কোন কাম কৰা নাই’’ ।

আনহাতে ধৃতি থাওচেন লাংটিং বিজেপি মণ্ডল কমিটিৰ প্ৰভাৰী আছিল আৰু তেওঁৰ লগতে ৰাইজৰ সম্পৰ্ক ভাল আৰু তেওঁ দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত মুখ্য ভূমিকা লৈছে বুলি দেবলাল গাৰ্লচাক অৱগত কৰে লাংটিং সমষ্টিৰ ৰাইজে । যাৰ বাবে আগন্তুক নিৰ্বাচনত ধৃতি থাওচেনক লাংটিং সমষ্টিত বিজেপিৰ প্ৰাৰ্থীত্ব দিয়াৰ বাবে দাবী উত্থাপন কৰে সমষ্টিবাসীয়ে ।

ইপিনে দেবলাল গাৰ্লচাই কয়, ‘‘আজি লাংটিং সমষ্টিৰ ৰাইজে জিলা বিজেপিৰ সাধাৰণ সম্পাদক ধৃতি থাওচেনক প্ৰাৰ্থী হিচাবে বিচাৰি মোৰ লগতে সাক্ষাৎ কৰে । যোৱা সাত বছৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত ক্ষমতা থকা বিজেপিৰ কাম দেখি ৰাইজে প্ৰাৰ্থীত্ব বিচাৰি মোৰ ওচৰতে আহিছে যদিও কিন্তু বিজেপিৰ প্ৰাৰ্থীত্বৰ বিষয়টো বিজেপিৰ ৰাজ্যিক কমিটি আৰু বিজেপি দলে ঠিক কৰিব’’ ।

তেওঁ কয়, ‘‘এইবাৰ নিৰ্বাচনত চেহেৰা দেখি টিকট দিয়া নহ’ব । সমষ্টিয়েবাসীয়ে যি প্ৰাৰ্থীক ভাল পায় আৰু যাৰ লগতে জন সমৰ্থন আছে ৷ তেওঁক টিকট প্ৰদান কৰিব । আমি ৰাজ্যিক বিজেপিৰ নিৰ্দেশ মৰ্মে কাম কৰি গৈছো । কিন্তু বৰ্তমান ইএম গোলঞ্জ থাওচেনৰ বিৰুদ্ধে ৰাইজ মাজত কিয় ক্ষোভৰ সৃষ্টি হৈছে বিষয়টো তদন্ত কৰি দেখা হ’ব’’ ।

জিলা বিজেপিৰ কোৰ কমিটি লাংটিং সমষ্টিত যাই বিষয়টো দেখি ৰাজ্যিক বিজেপিৰ ওচৰতে প্ৰতিবেদন জমা দিয়াৰ পিচতে দলে টিকট প্ৰদান কৰিব বুলি মন্তব্য কৰি দেবলাল গাৰ্লচাই কয়, ‘‘এইবাৰ নিৰ্বাচনত প্ৰাৰ্থীত্বৰ বাবে যে নতুন মুখ আহিব পাৰে ৷ সেয়া আমি নুই কৰিব নোৱাৰো ৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধীনত থকা 28 খন সমষ্টিত বিজেপি জয় লাভ কৰিব’’ ।

লগতে পঢ়ক : MLA Sherman Ali Controversy: পুনৰ গৰজিল বিধায়ক শ্বেৰমান আলী; প্ৰশ্ন কৰাৰ বাবেই ভুক্তভোগীক গ্ৰেপ্তাৰৰ ভাবুকি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.