ETV Bharat / state

লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত ভূমিস্খলন : কেইবা ঘণ্টা ধৰি বন্ধ ৰে’ল সেৱা

author img

By

Published : May 15, 2022, 8:26 PM IST

নেৰানেপেৰা বৰষুণৰ ফলত শিলচৰ-লামডিং ব্ৰডগজ ৰেলপথত ভূমিস্খলন (Landslide on Broad gauge railway line at Lumding-Silchar) ৷ ওয়াড্ৰিংদিছা আৰু মাইবাঙৰ মাজত হোৱা ভূমিস্খলনৰ ফলত কেইবা ঘণ্টা ধৰি বন্ধ হৈ থাকে ৰে’ল সেৱা।

landslide-on-broad-gauge-railway-line-at-lumding-silchar
লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত ভূমিস্খলন : কেইবা ঘণ্টা ধৰি বন্ধ ৰে’ল সেৱা

ডিমা হাছাও, 15 মে : নেৰানেপেৰা বৰষুণৰ ফলত শিলচৰ-লামডিং ব্ৰডগজ ৰেলপথত ভূমিস্খলন (Landslide on Broad gauge railway line at Lumding-Silchar) । পাহাৰ লাইনৰ দাওটোহাজা আৰু ফাইডিং ৰে'ল ষ্টেচনৰ মাজৰ 77/3-4 কিলোমিটাৰ এলেকাত এই ভূমিস্খলন সংঘটিত হয় । উল্লেখ্য যে, বিগত দুদিন ধৰি ডিমা হাছাও জিলাৰ লগতে চুবুৰীয়া অঞ্চলত ধৰাষাৰ বৰষুণ হোৱাৰ ফলত পাহাৰীয়া অঞ্চলটোত ঠায়ে ঠায়ে ভূমিস্খলন হোৱাৰ লগতে শিলচৰ-লামডিং ব্ৰডগজ ৰে’লপথতো ভূমিস্খলন হয় ।

landslide-on-broad-gauge-railway-line-at-lumding-silchar
লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত ভূমিস্খলন : কেইবা ঘণ্টা ধৰি বন্ধ ৰে’ল সেৱা

শিলচৰ লামডিং ব্ৰডগজ ৰে'লপথৰ ওয়াড্ৰিংদিছা, দাওটোহাজা, নিউহাফলং, জাতিংগা লামপুৰৰ আৰু নিউহাৰেংগাজাও ষ্টেচনৰ মাজৰ 113/45 কিলোমিটাৰ আৰু বান্দৰখাল আৰু ডিটেকচৰাৰ মাজৰ 131/1-2 কিলোমিটাৰ এলেকাত ভূমিস্খলনৰ ফলত লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথত অনিদিষ্টকালৰ বাবে ৰে'ল চলাচল বন্ধ হৈ পৰে ।

সম্প্ৰতি, ভূমিস্খলনৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই 12504 আগৰতলা-বেংগালুৰু কেণ্ট হামচফৰ এক্সপ্ৰেছ, 02983 বেংগালুৰু কেণ্ট-আগৰতলা হামচফৰ এক্সপ্ৰেছৰ গুৱাহাটী আৰু আগৰতলাৰ মাজত যাত্ৰা বাতিল কৰা হৈছে ৷ ইয়াৰ উপৰিও 13174 আগৰতলা-চিয়ালদাহৰ মাজত কাঞ্চনজনঘা এক্সপ্ৰেছ ৰে'লৰ যাত্ৰা বাতিল কৰা হয় ৷

আনহাতে, 01665 ৰাণীকমলাৱতী এক্সপ্ৰেছৰ লামডিঙৰ পৰা আগৰতলালৈকে যাত্ৰা বাতিল কৰা হৈছে । 14038 নিউদিল্লী-শিলচৰ এক্সপ্ৰেছ ৰে'লগাড়ীখনৰ যাত্ৰা লামডিং আৰু শিলচৰৰ মাজতে বাতিল কৰা হৈছে । 15642 নিউ তিনিচুকিয়া শিলচৰ এক্সপ্ৰেছ, 15626 আগৰতলা দেৱঘৰ আৰু দেৱঘৰ আগৰতলা, 15611 গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ, 15615 গুৱাহাটী শিলচৰ এক্সপ্ৰেছ ৰে'লগাড়ী কেইখনৰ যাত্ৰা সম্পূৰ্ণৰূপে বাতিল কৰে উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই ।

সূত্ৰমতে, লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথ সুচল কৰি তোলাৰ ক্ষেত্ৰত 15 দিন সময়ৰ প্ৰয়োজন বুলি জানিব পৰা গৈছে । ইয়াৰ উপৰিও প্ৰচণ্ড নেৰানেপেৰা বৰষুণৰ ফলত সম্প্ৰতি জাতিংগা নৈৰ পানী বৃদ্ধি হোৱাৰ ফলত হাৰেংগজাও সমীপৰ এখন দলঙৰ পিলাৰ খহি পৰাত দলঙখন ব্যাপকৰূপে ক্ষতিগ্ৰস্থ হয় ।

লগতে পঢ়ক : মহানগৰীত ধাৰাষাৰ বৰষুণ; কৃষ্ণনগৰত খহিল গাৰ্ডৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.