ETV Bharat / state

লামডিং-শিলচৰ ব্ৰডগ্ৰজ ৰেলপথত ভয়ংকৰ ভূমিস্খলন

author img

By

Published : May 14, 2022, 12:32 PM IST

ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলন(Massive landslide in Dima Hasao) । তিনিদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰীয়া জিলাখনত বিপৰ্যস্ত হৈ পৰিছে সাধাৰণ জনজীৱন । বন্ধ হৈ পৰিছে ৰে'লৰ চলাচল ।

landslide on broadgauge railway line at lumding silchar
লামডিং শিলচৰ ব্ৰডগ্ৰজ ৰেলপথত ভয়ংকৰ ভূমিস্খলন

ডিমা হাছাও,১৪ মে': লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত ভূমিস্খলনৰ ফলত শনিবাৰে সাময়িকভাৱে ৰেল চলাচল বন্ধ হৈ পৰিছে(Massive landslide in Dima Hasao) । ডিমা হাছাও জিলাত যোৱা তিনি দিনৰ পৰা প্ৰচণ্ড বৰষুণ অব্যাহত থকাৰ ফলত পাহাৰীয়া জিলাৰ জনজীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰিছে ।

শনিবাৰে পুৱাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত শিলচৰ-লামডিং ৰেলপথৰ দাওটোহাজা আৰু হাৰেংগাজাওত প্ৰচণ্ড ভূমিস্খলৰ ফলত ৰেলপথ বন্ধ হৈ পৰিছে । দাওটোহাজা আৰু নিউ হাফলং ষ্টেচন সম্পূৰ্ণৰূপে পানীত বুৰ যোৱা বুলি জানিব পৰা গৈছে ।

Massive landslide in Dima Hasao
লামডিং-শিলচৰ ব্ৰডগ্ৰজ ৰেলপথত ভয়ংকৰ ভূমিস্খলন

ইয়াৰ উপৰি পাহাৰ লাইনৰ নিউহাফলং আৰু জাতিংগা লামপুৰ ষ্টেচনৰ মধ্যৱৰ্তী অংশ বিপদজনক অৱস্থাত আছে বুলি এক সুত্ৰই প্ৰকাশ কৰে । যিকোনো মুহূৰ্ততে এই অংশত ভূমিস্খলন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ।

শিলচৰ-লামডিং ব্ৰডগ্ৰজ ৰেলপথত হোৱা ভূমিস্খলনৰ ফলত গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ৰে'লখন নিউ হাফলং ষ্টেচন চিয়ালদাহ-আগৰতলা কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ ৰে'লখনখন মাইবং ষ্টেচন আৰু গুৱাহাটী-বদৰপুৰ ভিষ্টাডম ৰে'লখনখন লাংটিং ষ্টেচনতে ৰাখি থোৱা হৈছে ।

Massive landslide in Dima Hasao
ডিমা হাছাও জিলাত ভয়ংকৰ ভূমিস্খলন

বৰ্তমানে লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত ৰেল চলাচল বন্ধ হৈ আছে । ইতিমধ্যে ৰেলপথটো সুচল কৰি তোলা তথা ৰে'লসেৱা স্বাভাৱিক কৰি তোলাৰ বাবে ৰেলকৰ্মীসকলে যুদ্ধকালীন তৎপৰতাত কাম কৰি গৈছে বুলি উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ এক সূত্ৰই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: বিয়াৰ অনুমতি বিচাৰি থানা পালেগৈ দুই যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.