ETV Bharat / bharat

বিয়াৰ অনুমতি বিচাৰি থানা পালেগৈ দুই যুৱতী

author img

By

Published : May 13, 2022, 10:31 PM IST

প্ৰেম ক’ত, কেতিয়া আৰু কাৰ লগত হয় সেয়া কোনেও ক’ব নোৱাৰে ৷ প্ৰেম কৰি বিয়া পতা, পলাই যোৱা বা প্ৰেম বিৰহত অঘটন ঘটোৱা বহু কাহিনী আপুনি নিশ্চয় পাইছে ৷ কিন্তু কেতিয়াবা এনে কিছুমান কাহিনীয়েই আমাক আচৰিত কৰি তোলে ৷ তেনে এক ঘটনাৰ ওপৰতেই যুগুত কৰা হৈছে এই প্ৰতিবেদন (Love story of two lover) ৷

Homosexuality in India
বিয়াৰ অনুমতি বিচাৰি থানা পালেগৈ দুই যুৱতী

নিউজ ডেস্ক, 13 মে’: প্ৰেম বিবাহ আপুনি বহুত দেখিছে ৷ যুৱক-যুৱতীয়ে প্ৰেম কৰি সফলভাৱে বিবাহ পাশত আৱদ্ধ হোৱাও দেখিছে বা ঘৰে মানি নোলোৱাৰ বাবে পলাই যোৱা ঘটনাও নিশ্চয় শুনিছে ৷ বহু ক্ষেত্ৰত আকৌ প্ৰেম বিৰহত আপোনঘাটী হোৱা অথবা অবাটে যোৱা প্ৰেমিক-প্ৰেমিকাও হয়তো আপুনি পাইছে ৷ সঁচাকৈ প্ৰেমৰ শক্তি অনন্য ৷ কাৰোবাক যদি উঠাই, কাৰোবাক আকৌ ডুবায় ৷

ইয়াৰ মাজতে কিন্তু কেতবোৰ ব্যতিক্ৰমী ঘটনাও থাকে ৷ তেনে এক ঘটনাৰ ওপৰতেই যুগুত কৰা হৈছে এই প্ৰতিবেদন ৷ ঘটনাৰ নায়িকা হৈছে দুগৰাকী যুৱতী ৷ সাধাৰণতে আমাৰ দেশত সমকামিতাক হেয় জ্ঞান কৰা হয় (Homosexuality in India) ৷ কোনোবাই যদি, তেনে ধৰণৰ কাৰ্য কৰে সেয়া গৰ্হিত হিচাপেও বিবেচনা কৰে আমাৰ সমাজে ৷ এই ঘটনাৰ সৈতে জড়িত যুৱতী দুগৰাকীৰ ক্ষেত্ৰতো তেনেকুৱাই হ’ল ৷

ঘটনাটো কৰ্ণাটকৰ টুমকুৰ অঞ্চলৰ ৷ দুগৰাকী গাভৰুৰ মাজত গঢ়ি উঠে প্ৰেমৰ সম্পৰ্ক (Homosexual love in Karnataka) ৷ দুয়োৰে বৰ্তমান বয়স 22 বছৰ আৰু দুয়োগৰাকীয়েই অধ্যয়নৰত হৈ আছে ৷ প্ৰেমৰ সম্পৰ্ক গভীৰ হোৱাত দুয়ো ঠিৰাং কৰিলে বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা ৷ কিন্তু সমাজৰ বাধাৰ বাবে সম্ভৱ নাছিল সেয়া ৷ অৱশেষত, দুয়ো কাষ চাপিল আৰক্ষীৰ ৷ বিয়াৰ বাবে আৰক্ষীৰ পৰা বিচাৰিলে অনুমতি ৷ পিচে এই কাৰ্যত অনুমতি দি বিপদত নো পৰে কেনেকৈ আৰক্ষী ৷

তেওঁলোকে অস্বীকাৰ কৰিলে যুৱতী দুগৰাকীক বিয়াৰ অনুমতি দিয়াত ৷ লগে লগে মাতি পঠিওৱা হ’ল দুই যুৱতীৰ পৰিয়ালৰ লোকক ৷ পৰিয়ালৰ মানুহ আহি বুজাই-বঢ়াই দুয়োকে লৈ গ’ল থানাৰ পৰা ৷ এইখিনিতে যেন থমকি ৰ’ল দুয়োৰে প্ৰেম ৷ এতিয়ালৈকে দুয়োৰে পৰিয়ালেও মানি লোৱা নাই এই বিয়া ৷ ছবিৰ পৰ্দা অথবা সামাজিক মাধ্যমৰ বাহিৰৰ পৃথিৱীখনত এতিয়াও সমকামিতাৰ বিৰুদ্ধে প্ৰকৃত সজাগতা সৃষ্টি নোহোৱাৰ বিষয়টোকলৈয়ো এই ঘটনাৰ পিচত চলিছে সৰৱ আলোচনা ৷

লগতে পঢ়ক : ভাগিনৰ প্ৰেমত মচগুল হৈ স্বামীগৃহ ত্যাগ কৰিলে দুটি সন্তানৰ মাতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.