ETV Bharat / state

পাৰ্বত্য পৰিষদৰ নিৰ্বাচন : তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 10:21 PM IST

NC Hills Council Election : ডিমা হাছাও জিলাত বিজেপি, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছকে ধৰি ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী সকলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে ৷ দল সমূহৰ শীৰ্ষ নেতাই এতিয়া বাহৰ পাতিছে ডিমা হাছাও জিলাত ৷

NC Hills Council Election
পাৰ্বত্য পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ

হাফলং, 3 জানুৱাৰী : 8 জানুৱাৰীত অনুষ্ঠিত হ’ব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন ৷ সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া ডিমা হাছাও জিলাত বিজেপি, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছকে ধৰি ৰাজনৈতিক দলৰ লগতে নিৰ্দল প্ৰাৰ্থী সকলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে ৷ ইফালে বিজেপিৰ হৈ এই নিৰ্বাচনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নিজেই প্ৰচাৰ অভিযানত নামিছে ৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে ইতিমধ্যে জিলাখনত উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী ৷ তদুপৰি ৰাজ্যৰ মন্ত্ৰী-বিধায়ককে ধৰি বিজেপিৰ শীৰ্ষ নেতাই এতিয়া বাহৰ পাতিছে ডিমা হাছাও জিলাত ৷

আনহাতে জিলাখনৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত পিছ পৰি ৰোৱা নাই তৃণমূল কংগ্ৰেছ ৷ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ পৰা আৰম্ভ কৰি তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় মুখপাত্ৰ তথা ৰাজ্যসভাৰ প্ৰাক্তন সংসদ সুস্মিতা দেৱ, দাৰ্জিলিঙৰ তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ শান্ত ছেত্ৰী হাফলঙত আহি বাহৰ পাতিছে আৰু তৃণমূল কংগ্ৰেছৰ হৈ প্ৰচাৰত ভাগ লৈছে ৷ আজি বিয়লি হাফলং বজাৰত হাফলং সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আচিং জেমিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে সুস্মিতা দেবে ৷

তেওঁ নিৰ্বাচনী জনসভাত ভাগ লৈ বিজেপি চৰকাৰৰ কঠোৰ সমালোচনা কৰি কয় যে, যোৱা পাঁচ বছৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদত উন্নয়নৰ একো কাম হোৱা নাই ৷ তেওঁ কয় যে, যোৱা 25 বছৰে শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই বিজেপি চৰকাৰে ৷ যাৰ বাবে ডিমা হাছাও আৰু বৰাক উপত্যকাৰ মানুহে যাতায়তৰ ক্ষেত্ৰত ব্যাপক সমস্যাত পৰিছে ৷

সুস্মিতা দেবে কয় যে, পানীৰ আন এটা নাম জীৱন আৰু এই খোৱাপানীৰ বাবে হাফলঙৰ মানুহে তীব্ৰ সমস্যাত ভুগিছে ৷ কিন্তু এইবাৰ পৰিষদৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী সকল জয়লাভ কৰিলে এই খোৱাপানীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে তেওঁ ৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অসম তৃণমূল কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত যি সাতটা সংকল্প গ্ৰহণ কৰিছে তৃণমূল প্ৰাৰ্থী সকলে নিৰ্বাচনত জয়লাভ কৰিলে এই সাতটা সংকল্প লৈ কাম কৰিব বুলি উল্লেখ কৰি হাফলং সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীক উন্নয়নৰ স্বাৰ্থত বিপুল ভোটত জয়ী কৰোৱাৰ আহ্বান জনায় তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেবে ৷

লগতে পঢ়ক : পাৰ্বত্য পৰিষদৰ নিৰ্বাচন : প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ বন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.