ETV Bharat / state

হাফলঙৰ দিয়ুং নদীত দুৰ্গতিনাশিনীৰ প্ৰতিমা বিসৰ্জন

author img

By

Published : Oct 26, 2020, 5:22 PM IST

Updated : Oct 26, 2020, 5:32 PM IST

হাফলঙৰ দিয়ুং নদীত দুৰ্গতিনাশিনীৰ প্ৰতিমা বিসৰ্জন
হাফলঙৰ দিয়ুং নদীত দুৰ্গতিনাশিনীৰ প্ৰতিমা বিসৰ্জন

বিজয়া দশমীৰ লগে লগে অন্ত পৰিল শাৰদীয় দুৰ্গোত্সৱৰ। হাফলঙত দিয়ুং নদীত শান্তিপূৰ্ণভাৱে প্ৰতিমা বিসৰ্জন পৰ্ব সম্পন্ন।

ডিমা হাছাও 26 অক্টোবৰ: মহামাৰীৰ বাবে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দেশনা মানি বিজয়া দশমীৰ পৰম্পৰা ৰক্ষা কৰিলে হাফলংবাসীয়ে। অশ্ৰুসিক্ত নয়নেৰে সকলোৱে বিদায় জনায় দুৰ্গা দেৱীক। হাফলঙৰ পৰা প্ৰায় ৯ কিলোমিটাৰ দূৰত থকা দিয়ুং নৈত দেৱীৰ প্ৰতিমা বিসৰ্জন পৰ্ব সম্পন্ন হয়।

হাফলঙৰ দিয়ুং নদীত দুৰ্গতিনাশিনীৰ প্ৰতিমা বিসৰ্জন

বিসৰ্জন কাৰ্যসূচীত জিলা প্ৰশাসনৰ ফালৰ পৰা পূজা কমিটীৰ ২০ জন সদস্যক বিসৰ্জনৰ বাবে ঘাটলৈ যাবলৈ অনুমতি দিয়া হৈছিল। স্বাস্থ্যবিধি মানি দেৱীক বিদায় দিলে ভক্তই। মহামাৰী সংক্ৰমণৰ আশংকাত এইবাৰ বিসৰ্জনৰ সময়ত শোভাযাত্ৰা কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল প্ৰশাসনে আৰু আবেলি ৪ বজাৰ ভিতৰত বিসৰ্জন পৰ্ব শেষ কৰিবলৈ নিৰ্দেশ দিছিল।

PLEASE CHECK THUMBNAIL IMAGE

লগতে পঢ়ক:ক'ভিড প্ৰটক’ল ভাঙি পূজাৰ মণ্ডপে মণ্ডপে নেতাৰ ভিৰ

Last Updated :Oct 26, 2020, 5:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.