ETV Bharat / state

2022ৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব পলিটেকনিক কলেজৰ নিৰ্মাণৰ কাম

author img

By

Published : Aug 7, 2021, 8:42 PM IST

2022 চনৰ ভিতৰত ডিমা হাছাও জিলাৰ প্ৰস্তাৱিত পলিটেকনিক কলেজ নিৰ্মাণৰ কাম-কাজ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ 2014 চনতে নিৰ্মাণৰ কাম হাতত লৈ এটা ঠিকাদাৰী সংস্থাই আজিকোপতি নিৰ্মাণ কাৰ্য সৰ্ম্পূণ নকৰাৰ অভিযোগ ৷

2022ৰ ভিতৰত পলিটেকনিক কলেজৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
2022ৰ ভিতৰত পলিটেকনিক কলেজৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ডিমা হাছাও, 7 আগষ্ট : 2022 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত ডিমা হাছাও জিলাৰ ছোট ওয়াপুত প্ৰস্তাৱিত পলিটেকনিক কলেজৰ নিৰ্মাণ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati high court) । উল্লেখযোগ্য যে, ডিমাচা নেচনেল কাউন্সিল নামৰ এটা সংগঠনে 2 বছৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন জনস্বাৰ্থ জনিত গোচৰ (PIL) ৰুজু কৰিছিল ।

দুই বছৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গোচৰৰ শুনানি গ্ৰহণ কৰি লোক নিৰ্মাণ বিভাগ (PWD Department)ৰ (বিল্ডিং) ডিভিচনৰ চীফ ইঞ্জিনীয়াৰক অহা 16 মাহৰ ভিতৰত পলিটেকনিক কলেজৰ নিৰ্মাণ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে । উল্লেখ্যযোগ্য যে, 2012 চনত তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে ৰাজ্যৰ 11 খন জিলাৰ লগতে ডিমা হাছাও জিলাত এখন পলিটেকনিক কলেজ নিৰ্মাণৰ বাবে অনুমোদন জনাইছিল ৷

2022ৰ ভিতৰত পলিটেকনিক কলেজৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

সেই অনুসৰিয়েই 2011-12 বিত্তীয় বৰ্ষত পলিটেকনিক কলেজখন নিৰ্মাণৰ বাবে 8 কোটি টকাৰ পুঁজি আবন্টন দিছিল চৰকাৰে ।

চৰকাৰে ধন আৱন্টন দিয়াৰ পাছতে 2014 চনত ছোট ওয়াপুতত পলিটেকনিক কলেজ নিৰ্মাণ কাম আৰম্ভ হয় যদিও আজিপৰ্যন্ত পলিটেকনিক কলেজৰ এটাও ভৱনৰ কাম সম্পূৰ্ণ হোৱা নাই । পৰিতাপৰ কথা যে, একে সময়তে ৰাজ্য চৰকাৰে আৱন্টন দিয়া আন 11 খন জিলাত পলিটেকনিক কলেজ নিৰ্মাণ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে ।

ইপিনে 2014 চনত ডিমা হাছাওত পলিটেকনিক কলেজ নিৰ্মাণৰ বাবে কাম দিয়া হৈছিল পিকে এছোচিয়েট নামৰ এটা ঠিকাদাৰী সংস্থাক । কিন্তু এই ঠিকাদাৰী সংস্থাটোৱে কেইটামান আৰচিচি খুটি নিৰ্মাণৰ বাহিৰে আৰু একো কামে নকৰিলে ৷ তাৰ পাছতে ঠিকাদাৰী সংস্থাটোৱে 1 কোটি 23 লাখ টকাৰ বিল মোকোলাই লৈ যায় ।

সম্প্ৰতি ঘটনা সৰ্ন্দভত ডিমাচা নেচনেল কাউন্সিলৰ সাধাৰণ সম্পাদক মিহিৰ লাংথাচাই পাৰ্বত্য পৰিষদৰ অধীনত নিয়ম বহিৰ্ভূত কাম কৰাক লৈ সৰৱ হৈ পৰা দেখা গৈছে ৷ লগতে আগন্তুক সময়ছোৱাত ডিমাহাছাও জিলাখনৰ উন্নয়নৰ স্বাৰ্থত ডিমাচা নেচনেল কাউন্সিলে কাম কৰি যাব বুলি মন্তব্য আগবঢ়াই মিহিৰ লাংথাচায় ।

লগতে পঢ়কঃ খাকী পোচাকত কালিমা : উৎকোচ লৈ নিলম্বিত দুই কনিষ্টবল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.