ETV Bharat / state

উমৰাংচুৰ 15 কিলোত যুৱতীৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Jan 21, 2020, 7:12 PM IST

ৰহস্যজনকভাবে সন্ধানহীন হৈ পৰা যুৱতীগৰাকীৰ মৃতদেহ বুধবাৰে পুুৱা প্ৰায় 10 বজাত গাঁওবাসীয়ে 15 কিলো এলেকাৰ পৰা কিছু নিলগৰ জংঘলৰ মাজত প্ৰত্যক্ষ কৰি উমৰাংচু আৰক্ষীক খবৰ দিয়ে ৷

GIRL DEAD BODY RECOVERED AT UMRANGSHU
উমৰাংচোৰ 15 কিলোত যুৱতীৰ মৃতদেহ উদ্ধাৰ

ডিমা হাছাও 21 জানুৱাৰী: ডিমা হাছাও জিলাৰ উমৰাংচুত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰা মতে উমৰাংচু আৰক্ষী থানাৰ অন্তৰ্গত 15 কিলোৰ পৰা বুধবাৰে পুৱা এগৰাকী 18 বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰে উমৰাংচো আৰক্ষীয়ে।

GIRL DEAD BODY RECOVERED AT UMRANGSHU
উমৰাংচোৰ 15 কিলোত যুৱতীৰ মৃতদেহ উদ্ধাৰউমৰাংচোৰ 15 কিলোত যুৱতীৰ মৃতদেহ উদ্ধাৰ

সোমবাৰে নিশা প্ৰায় 10 বজাত উমৰাংচু 15 কিলোৰ বাসিন্দা হেংচেঙলৈ খেলমা নামৰ যুৱতীগৰাকী ঘৰৰ পৰা কোনো কামত ওলাই অহাৰ পৰা নিৰুদ্দেশ হৈ আছিল । ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰা যুৱতীগৰাকীৰ মৃতদেহ বুধবাৰে পুুৱা প্ৰায় 10 বজাত গাঁওবাসীয়ে 15 কিলো এলেকাৰ পৰা কিছু নিলগৰ জংঘলৰ মাজত প্ৰত্যক্ষ কৰি উমৰাংচু আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি উমৰাংচু অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰে।

লগতে পঢ়ক তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত 27তম প্ৰতিষ্ঠা দিৱস উদযাপন

Intro:ডিমা হাছাও 21 জানুৱাৰী: ডিমা হাছাও জিলাৰ শিল্পনাগৰী হিচাবত পৰিচিত উমৰাংচোত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে উমৰাংচো আৰক্ষী থানাৰ অন্তৰ্গত 15 কিলোৰ পৰা আজি ৰাতিপুয়া 18 বছৰীয়া এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰে উমৰাংচো আৰক্ষীয়ে।Body:জানিব পৰা মতে সোমাবাৰ ৰাতি 10 টা মান বজাত উমৰাংচো 15 কিলোৰ বাসিন্দা হেংচেঙলৈ খেলমা নামৰ যুৱতী গৰাকী নিজৰ ঘৰৰ পৰা কোনেও কামত বাহিৰত ওলাই অহাৰ পিছত আৰু ঘৰত ঘূৰি নোগল।ৰহস্য জনক ভাবে সন্ধানহীন হৈ পৰে যুৱতী গৰাকী।Conclusion:ইয়াৰ পিছত আজি ৰাতিপুয়া 10টা30 মান বজাত গাঁওৰ বাসিন্দা সকলে 15 কিলো এলেকাৰ পৰা কিছুমান দূৰত্বত জঙ্গলৰ মাজত যুৱতী গৰাকীৰ মৃতদেহ পৰি থকা অৱস্থাত দেখি লগে লগে উমৰাংচো আৰক্ষীক খবৰ দিয়ে খবৰ পাই আৰক্ষী উপস্থিত হৈ যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি উমৰাংচো অসামৰিক চিকিৎসালয়ত মইনা তদন্তৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.