ETV Bharat / state

SP allegedly misbehaves with doctor: হাফলং চিভিল হাস্পতালত চিকিৎসকৰ প্ৰতিবাদ

author img

By

Published : Aug 8, 2023, 8:05 PM IST

Doctors protest at Haflong Civil Hospital
হাফলং চিভিল হাস্পতালত চিকিৎসকৰ প্ৰতিবাদ

ডিমা হাছাও আৰক্ষী অধীক্ষকৰ দুৰ্ব্যৱহাৰ । চিকিৎসকৰ সৈতে দুৰ্ব্যৱহাৰত লিপ্ত হোৱাৰ অভিযোগ আৰক্ষী অধীক্ষকগৰাকীৰ বিৰুদ্ধে । উপায়ন্তৰ হৈ ক'লা বেজ পৰিদান কৰি প্ৰতিবাদ সাব্যস্ত কৰে হাফলং অসামৰিক চিকিৎসালয়ৰ চিকিৎসকসকলে ।

হাফলং চিভিল হাস্পতালত চিকিৎসকৰ প্ৰতিবাদ

হাফলং,8 আগষ্ট: হাফলং অসামৰিক চিকিৎসালয়ৰ এগৰাকী চিকিৎসকৰ লগতে ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক দুৰ্ব্যৱহাৰত লিপ্ত হোৱাৰ প্ৰতিবাদত মঙলবাৰে হাফলং অসামৰিক চিকিৎসালয়ৰ চিকিৎসকসকলে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

জানিব পৰামতে কিছুদিন পূৰ্বে ডিমা হাছাও জিলাৰ মান্দাৰদিছাত এগৰাকী ১২ বছৰৰ নাবালিকাক ধর্ষণ কৰাৰ অভিযোগ উত্থাপিত হয় । ইয়াৰ পিছতে ডিমা হাছাও আৰক্ষীয়ে এই নাবালিকাক ধর্ষণ কৰাৰ অভিযোগত এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে ।

এই ঘটনাৰ পিছতে ডিমা হাছাও আৰক্ষীয়ে এই নাবালিকাগৰাকীক হাফলং অসামৰিক চিকিৎসালয়লৈ শাৰীৰিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । পিছতে নাবালিকাগৰাকীক মহিলা বিশেষজ্ঞ চিকিৎসক নেইনি ৰাংখালে শাৰীৰিক পৰীক্ষা কৰাৰ পিছতে যি প্ৰতিবেদন প্ৰদান কৰে তাক লৈ ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক ময়ঙ্ক কুমাৰে অসন্তোষ ব্যক্ত কৰে ।

পৰৱৰ্তী সময়ত আৰক্ষী অধীক্ষকগৰাকী চিকিৎসক নেইনি ৰাংখলৰ লগতে দুৰ্ব্যৱহাৰত লিপ্ত হয় বুলি অভিযোগ উত্থাপন কৰে হাফলং অসামৰিক চিকিৎসালয়ৰ চিকিৎসকসকলে । ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষকৰ এনে আচৰণে ক্ষুদ্ধ হৈ উঠে হাফলং অসামৰিক চিকিৎসালয়ৰ চিকিৎসকসকল ।

সেয়ে মঙলবাৰে হাফলং অসামৰিক চিকিৎসালয়ৰ চিকিৎসকসকলে আৰক্ষী অধীক্ষকৰ এনে আচৰণক তীব্ৰ গৰিহণা দি ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ পিছতে হাফলং অসামৰিক চিকিৎসালয়ত এখন সংবাদমেলৰ আয়োজন কৰে হাস্পতালৰ চিকিৎসকসকলে ।

সংবাদমেলত চিকিৎসক ৰোনাল্ড বাটাৰিয়ে কয় যে, ডিমা হাছাও জিলাত এটা সন্দেহজনক ধৰ্ষণৰ ঘটনাৰ পিছতে এই ভুক্তভোগীগৰাকীৰ শাৰীৰিক পৰীক্ষা কৰিছিল হাফলং অসামৰিক চিকিৎসালয়ৰ চিনিয়ৰ মেডিকেল হেলথ অফিচাৰ চিকিৎসক নেইনি ৰাংখলে ।

কিন্তু এই ৰিপোৰ্ট লৈ আৰক্ষী অধীক্ষক ময়ঙ্ক কুমাৰে অসন্তোষ প্ৰকাশ কৰি যোৱা ৩ আগষ্ট ফোন কৰি চিকিৎসক নেইনি ৰাংখলৰ লগত দুৰ্ব্যৱহাৰত লিপ্ত হয় বুলি অভিযোগ উত্থাপন কৰে । চিকিৎসক ৰোনাল্ড বাটাৰিয়ে উল্লেখ কৰে যে, আৰক্ষী অধীক্ষকে এই ৰিপোৰ্ট দেখি খঙত অগ্নিশৰ্মা হৈ চিকিৎসক নেইনি ৰাংখলক এনে ধৰণৰ ৰিপোৰ্ট কিয় বনোৱা হল বুলি প্ৰশ্ন কৰি দুৰ্ব্যৱহাৰত লিপ্ত হয় ।

চিকিৎসকগৰাকীয়ে আৰক্ষী অধীক্ষকগৰাকীৰ প্ৰশ্নৰ উত্তৰত কয় যে এই ৰিপোৰ্ট লেব টেকনিছিয়ানে তৈয়াৰ কৰিছে । ইয়াৰ পিছতে আৰক্ষী অধীক্ষকগৰাকীয়ে লেব টেকনিছিয়ানক গ্ৰেপ্তাৰ কৰাৰ ভাবুকি প্ৰদান কৰে বুলি অভিযোগ উত্থাপন কৰি ৰোনাল্ড বাটাৰিয়ে আৰক্ষী অধ্যক্ষকৰ এনে আচৰণক তীব্ৰ গৰিহণা দিয়ে । তেওঁ লগতে কয় যে, ভৱিষ্যতে যদি এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি হয় তেনেহলে চিকিৎসক সংগঠনৰ লগত আলোচনা কৰি বৃহৎ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ'ব ।

লগতে পঢ়ক: Palm oil plantation: অসমৰ ৭ খন জিলাৰ ১ লাখ একৰ ভূমিত কৰা হ'ব তৈল খেজুৰৰ খেতি: বাবা ৰামদেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.