ETV Bharat / state

সন্তোষ হোজাইৰ হত্যাক লৈ সৰৱ ডিমাছা সংগঠন

author img

By

Published : May 20, 2020, 6:36 PM IST

সন্তোষ হোজাইৰ হত্যাৰ দাবীত প্ৰতিবাদ ডিমাছা সংগঠনৰ
সন্তোষ হোজাইৰ হত্যাৰ দাবীত প্ৰতিবাদ ডিমাছা সংগঠনৰ

24 এপ্ৰিল তাৰিখে 5 জনীয়া দুৰ্বৃত্তৰ দলে হত্যা কৰা সন্তোষ হোজাইৰ হত্যাকাণ্ডৰ তদন্ত বিচাৰি সৰৱ হৈ উঠে সদৌ অসম ডিমাছা ছাত্ৰ সন্থা, ডিমাছা মাদাৰ্চ এছ’চিয়েছন ৷ বুধবাৰৰ পৰা তিনিদিনীয়া ধাৰণা কাৰ্যসূচী লৈ হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ৷ এই তিনিদিনৰ ধাৰণা কাৰ্য্যসূচীৰ পিছতো যদি চৰকাৰে কোনো ব্যৱস্থা নল’লে বৃহত্তৰ আন্দোলন কৰাৰ হুংকাৰ সংগঠন দুটাৰ ৷

ডিমা হাছাও 20 মে’: বুধবাৰে হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ডিমাছা ছাত্ৰ সন্থা, ডিমাছা মাদাৰ্চ এছ’চিয়েছনে তিনিদিনীয়া ধাৰণা কাৰ্যসূচী হাতত লৈ বুধবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ উল্লেখ্য যে, সন্তোষ হোজাইৰ হত্যাক লৈ চিবিআইক তদন্তৰ দাবীত, এই হত্যাকাণ্ডৰ লগত জড়িত উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙক গ্ৰেপ্তাৰৰ লগতে সন্তোষ হোজাইৰ পৰিয়ালক চৰকাৰৰ ফালৰ পৰা এককালীন বিত্তীয় সাহাৰ্য প্ৰদানৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ 24 এপ্ৰিল তাৰিখে সন্তোষ হোজাইক 5 জনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰি লৈ যোৱাৰ 7 দিনৰ অন্তত 30 এপ্ৰিল তাৰিখে মাটিৰ তলৰ পৰা পুতি থোৱা অৱস্থাত সন্তোষ হোজাইৰ মৃতদেহ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে ।

সন্তোষ হোজাইৰ হত্যাৰ দাবীত প্ৰতিবাদ ডিমাছা সংগঠনৰ

ডিমাছা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুংৱে কয় যে, কোভিড-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি লক ডাউন চলি থকাৰ সময়ত সন্তোষ হোজাইৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি তিনিদিনীয়া ধাৰণা কাৰ্যসূচী পালন কৰিব লগা হৈছে । সন্তোষ হোজাইৰ পত্নীয়ে এই হত্যাকাণ্ডত উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাং জড়িত থকাৰ অভিযোগ তুলি হাৰেংগাজাও থানাত এখক গোচৰ ৰুজু কৰাৰ পিছত আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত এচআইটি গঠন কৰি দিয়ে ৷

সন্তোষ হোজাইৰ হত্যাৰ দাবীত প্ৰতিবাদ ডিমাছা সংগঠনৰ

ইয়াৰ পিছত ৰাজ্য চৰকাৰৰ পৰা ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষক বদলিৰ নিৰ্দেশ দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে সন্তোষ হোজাই হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী উত্থাপন কৰে । আনহাতে একেই দাবী জনাই সদৌ অসম ডিমাছা ছাত্ৰ সন্থাৰ সভাপতি উত্তম লাংথাচাই কয় যে, এই তিনিদিনৰ ধাৰণা কাৰ্য্যসূচীৰ পিছতো যদি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে তেওঁলোকে বৃহত্তৰ আন্দোলন কৰিবলৈ বাধ্য হ’ব ।

লগতে পঢ়ক: বডৌফা নগৰৰ পৰা আঁতৰোৱা হ'ল বিপিএফৰ পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.