ETV Bharat / state

শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ডিমাচা ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jul 3, 2021, 11:00 PM IST

আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ নম্বৰ চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব ৷ যোৱা 1 জুলাইত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা ঘোষণা কৰাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

dimasa-students-union-reacts-against-education-departments-rash-decision
শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ডিমাচা ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

ডিমা হাছাও, 3 জুলাই : ৰাজ্যৰ শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ 2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) পৰীক্ষাৰ ফলাফলৰ নম্বৰ চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব বুলি ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে (Ranuj Pegu) ঘোষণা কৰাৰ পিচতে আছু, এবছুকে ধৰি ডিমাচা ছাত্ৰ সন্থাইয়ো ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ৷ ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা সহ্য কৰা নহ’ব বুলি শনিবাৰে স্পষ্ট কৰি দিছে ডিমাচা ছাত্ৰ সন্থাই (Dimasa Student's Union) ৷

শনিবাৰে ডিমাচা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটrৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ঙে এখন সংবাদমেল সম্বোধন কৰি শিক্ষা বিভাগৰ শেহতীয়া সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ ছাত্ৰ নেতা গৰাকীয়ে কয় যে, ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) পৰীক্ষাৰ ফলাফলৰ মাৰ্কশ্বীট চৰকাৰী চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব বুলি যি মন্তব্য কৰিছে সেইয়া ডিমাচা ছাত্ৰ সন্থাই (Dimasa Student's Union) কোনো কাৰণতে মানি নলয় ৷ লগতে এনে ধৰণৰ ফলাফল প্ৰকাশ কৰি ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যতক লৈ হেতালি খেলাৰ কোনো অধিকাৰ চৰকাৰৰ নাই বুলি মন্তব্য কৰে ছাত্ৰ নেতা গৰাকীয়ে ৷

শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ডিমাচা ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

আনহাতে, চাকৰিৰ ক্ষেত্ৰত যদি মাৰ্কশ্বীট খন ব্যৱহাৰ নহয় তেনেহলে এনেধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কি অৰ্থ আছে বুলি শিক্ষা বিভাগক প্ৰশ্ন কৰিছে নেতা গৰাকীয়ে ৷ ছাত্ৰ-ছাত্ৰী সকল এই সময়ত পৰীক্ষাৰ বাবে সাজু হৈ আছে বুলি মন্তব্য কৰি যোৱা 1 জুলাইত ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনাৰ পৰা 5 নং দফাটো বাতিল কৰিবলৈ দাবী জনাইছে প্ৰমিত চেংয়ঙে ৷

লগতে শেহতীয়াকৈ চৰকাৰে নিৰ্বাচনত অধিক গুৰুত্ব দিয়াৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰী সকলৰ পৰীক্ষাৰ বাবে অধিক গুৰুত্ব দিয়াটো জৰুৰী আছিল বুলিয়ো ক্ষোভ প্ৰকাশ কৰিছে ছাত্ৰ নেতা গৰাকীয়ে ৷ চৰকাৰে নিৰ্বাচনৰ বাবে ফেব্ৰুৱাৰী মাহত পৰীক্ষা অনুষ্ঠিত নকৰি পৰীক্ষা পিছুৱাই দিয়াৰ বাবেই এতিয়া ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিছে বুলি মন্তব্য কৰিছে ডিমাচা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ঙে ৷ লগতে এই ফলাফল লৈ যদি ছাত্ৰ-ছাত্ৰী সকল উচ্চ শিক্ষা বা চাকৰিৰ ক্ষেত্ৰত বঞ্চিত হ'ব লগীয়া হয় তেনেহলে সেইয়া কোনো অৱস্থাতে মানি লোৱা নহব বুলি স্পষ্ট কৰি দিছে ছাত্ৰ নেতা গৰাকীয়ে ৷ আনহাতে, ফলাফলৰ ক্ষেত্ৰত শিক্ষা বিভাগে গ্ৰহণ কৰা সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ আহ্বান জনাইছে ছাত্ৰ নেতা গৰাকীয়ে ৷

লগতে পঢ়কঃ ৰ’জী আৰু চামুৱেলক হত্যা কৰা হৈছে: গাৰো ছাত্ৰ সন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.