ETV Bharat / state

ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা গাফিলতিত ক্ষুব্ধ ডিমাছা ছাত্ৰ সন্থা

author img

By

Published : Oct 19, 2020, 12:40 PM IST

ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত হোৱা নিম্নমানদণ্ডৰ কামক লৈ সৰৱ ডিমাছা ছাত্ৰ সন্থা ৷ সোমবাৰে 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগাৰ পৰা হাৰেংগাজাওলৈ পথটো পৰিদৰ্শন কৰি চৰকাৰ তথা ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ডিমাছা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুঙয়ই ৷

Dimasa Students Union protest
ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা গাফিলতিত ক্ষুব্ধ ডিমাছা ছাত্ৰ সন্থা

ডিমা হাছাও,19 অক্টোবৰ : ডিমা হাছাওত 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগাৰ পৰা হাৰেংগাজাওলৈ পথ মেৰামতিৰ নিম্নমানদণ্ডৰ কামক লৈ সৰৱ ডিমাছা ছাত্ৰ সন্থা । সোমবাৰে ডিমাছা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুঙয়ৰ নেতৃত্বত এক প্ৰতিনিধি দলে ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কাম পৰিদৰ্শন কৰি অতি নিম্নমানৰ কাম দেখি ক্ষোভ প্ৰকাশ কৰে ।

Dimasa Students Union protest
ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা গাফিলতিত ক্ষুব্ধ ডিমাছা ছাত্ৰ সন্থা

ডিমাছা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুঙয়ে আৰ.টি.আইৰে ঘাইপথ মেৰামতিৰ কামৰ তথ্য বিচাৰিছিল । তেওঁ কয় যে,জাতিংগাৰ পৰা হাৰেংগাজাওলৈকে 32 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে 54 কোটি 32 লাখ টকা মুকলি কৰি দিয়াৰ পাচতো পথ মেৰামতিৰ কাম অতি নিম্নমানৰ হৈছে ৷

লগতে তেওঁ কয় যে,বৰ্তমান মাত্ৰ 8 কিলোমিটাৰ পথ মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে আৰু এই কাম অতি নিম্নমানৰ হৈছে । পথৰ কাষত নিৰ্মাণ হোৱা নলা আৰু ৰিটেইনিং ৱালৰ কাম অতি নিম্নমানৰ হৈছে ৷ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দায়িত্বত আছে ৰত্না ইনফ্ৰা নামৰ ঠিকাদাৰী সংস্থা আৰু এই নিৰ্মাণ সংস্থাৰ চাইট ইঞ্জিনিয়াৰৰ উদাসীনতাৰ বাবেই পথ মেৰামতিৰ কাম নিম্নমানদণ্ডৰ হৈছে ।

এই ৰাষ্ট্ৰীয় ঘাইপথটো প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সপোনৰ পথ আছিল ৷ কিন্তু বিগত 10 বছৰে ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ হোৱা নাই,যাৰ বাবে কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ হস্তক্ষেপ বিচাৰি নিৰ্মাণ সংস্থাটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ডিমাছা ছাত্ৰ সন্থাই ।

লগতে পঢ়ক : টীয়কত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নিৰ্বাচনত অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.