ETV Bharat / state

ডিমা হাছাওত এগৰাকী ঠিকাদাৰক অপহৰণ

author img

By

Published : Apr 25, 2020, 8:16 PM IST

ডিমা হাছাও জিলাৰ হাৰেংগাজাৱৰ পৰা এগৰাকী ঠিকাদাৰক অপহৰণ । শুকুৰবাৰে সন্ধিয়া অচিনাক্ত 5 জনৰ দুস্কৃতিকাৰী দলে অপহৰণ কৰে ৷

dimahaso-one-contacttor-keednaping-sontash-hojai
ডিমা হাছাওত এগৰাকী ঠিকাদাৰক অপহৰণ

ডিমা হাছাও 25 এপ্ৰিলঃ লক ডাউনৰ মাজতে এইবাৰ ডিমা হাছাও জিলাত অপহৰণৰ ঘটনা সংঘটিত হয়। ডিমা হাছাও জিলাত অপৰাধৰ ঘটনা ক্ৰমশ বৃদ্ধি পাবলৈ ধৰিছে । ডিমা হাছাও জিলাৰ আৰক্ষী থানাৰ অন্তৰ্গত গামাডি হাওৰৰ ঘৰৰ পৰা শুকুৰবাৰে সন্ধিয়া অচিনাক্ত 5 জনৰ দুস্কৃতিকাৰী দলে অপহৰণ কৰি লৈ যায়।

dimahaso-one-contacttor-keednaping-sontash-hojai
ডিমা হাছাওত এগৰাকী ঠিকাদাৰক অপহৰণ

লক ডাউনৰ সময়ত এই অপহৰণ কাণ্ডৰ ঘটনাত সমগ্ৰ হাৰেংগাজাও এলেকাত আতংকৰ সৃষ্টি কৰিছে। সন্তোষ হোজাই নামৰ এজন ঠিকাদাৰক ঘৰৰ পৰা শুকুৰবাৰে সন্ধিয়া 6 টা বজাত জোৰ কৰি তুলি লৈ যায় অচিনাক্ত দুৰ্বৃত্তৰ দলে ।

ডিমা হাছাওত এগৰাকী ঠিকাদাৰক অপহৰণ

শনিবাৰে অপহৰণ সংক্ৰান্ত এজাহাৰ হাৰেংগাজাও আৰক্ষী থানাত দাখিল কৰে অপহৰণ হোৱা সন্তোষ হোজাইৰ পত্নী জয়তা হোজাইয়ে। এজাহাৰ ভিত্তিত হাৰেংগাজাও আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। জয়তি হোজাইয়ে দিয়া তথ্য অনুসৰি শুকুৰবাৰ সন্ধিয়া 6 টা মান বজাত এখন বগা ৰঙৰ বলেৰ' গাড়ীলৈ 5 জনীয়া অচিনাক্ত দুৰ্বৃত্তৰ দলে ঘৰত আহি সন্তোষ হোজাইক বিচাৰে তেতিয়া ঠিকাদাৰ গৰাকী ঘৰত নাপাই তেঁওৰ মোবাইল নম্বৰ বিচাৰে পত্নীৰ পৰা। ইয়াৰ পিছতেই সন্তোষ হোজাই ঘৰত আহি উপস্থিত হোৱাত এই 5 জনীয়া অচিনাক্ত দুৰ্বৃত্তৰ দলটোৱে ঠিকাদাৰ গৰাকীক জোৰ কৰি বলেৰো গাড়ী খনত তুলি লৈ যায়।

লগতে পঢকঃ আমিনগাঁও কামৰূপ জিলা প্ৰশাসনৰ তত্বাৱধানত আবদ্ধ লোকৰ বাবে বাছ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.