ETV Bharat / state

ডিমা হাছাও জিলাত কৰ্মৰত আৰক্ষীৰ বৰ্বৰতাৰ অভিযোগ

author img

By

Published : Aug 18, 2022, 9:47 PM IST

আকৌ অসম পুলিচৰ বিৰুদ্ধে উঠিছে অভিযোগৰ আঙুলি ৷ এইবাৰ অভিযোগৰ আঙুলি উঠিছে হাফলং জিলাৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ এগৰাকী আৰক্ষীৰ বিৰুদ্ধে (Allegations of police brutality in Dima Hasao) ৷ অভিযোগ অনুসৰি, হাফলং জিলাৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ এগৰাকী আৰক্ষীয়ে হেলমেট নিপিন্ধা এগৰাকী মটৰ চাইকেল আৰোহীক জৰিমণা বিহাৰ বিপৰীতে ৰাজহুৱাকৈ প্ৰহাৰ কৰে ৷ যি বৰ্তমান সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে ৷

ডিমা হাছাও জিলাত কৰ্মৰত আৰক্ষীৰ বৰ্বৰতাৰ অভিযোগ
ডিমা হাছাও জিলাত কৰ্মৰত আৰক্ষীৰ বৰ্বৰতাৰ অভিযোগ

ডিমা হাছাও, 18 আগষ্ট : অসম আৰক্ষীৰ বৰ্বৰতাক লৈ এতিয়া ডিমা হাছাও জিলাত চাঞ্চল্যৰ সৃষ্টি হৈছে (Allegations of police brutality in Dima Hasao)। হেলমেট নিপিন্ধাৰ বাবেই হাফলঙত এজন যুৱকক প্ৰহাৰ আৰক্ষীৰ । ডিমা হাছাও আৰক্ষীৰ এনে কৰ্মকাণ্ড এতিয়া চ’চিয়েল মিডিয়াত ভাইৰাল হৈ পৰিছে ।

ডিমা হাছাও জিলাত নতুন আৰক্ষী অধীক্ষক হিচাবে ময়ংক কুমাৰে যোগ দিয়াৰ পিছতে জিলাখনত আৰক্ষীৰ বৰ্বৰতাৰ এই কাণ্ড পোহৰলৈ আহিছে । উল্লেখ্য যে, সমগ্ৰ ৰাজ্যৰ লগতে ডিমা হাছাও জিলা পৰিবহণ বিভাগেও আইন ভংগকাৰীসকলৰ (Violation of traffic rules) বিৰুদ্ধে কঠোৰ হৈছে । যান-বাহন আইন নমনাসকলক বিহিছে জৰিমনা ৷

ঘটনাৰ বিৱৰণ অনুসৰি বুধবাৰে হাফলং চহৰত এগৰাকী যুৱকে হেলমেট নিপিন্ধাকৈ মটৰ চাইকেলেৰে আহি আৰক্ষীৰ নাকা চেকিঙৰ মুখামুখি হয় ৷ তেনেতে কৰ্মৰত এগৰাকী যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে যুৱকজনক জৰিমনা বিহাৰ পৰিৱৰ্তে বেয়াকৈ প্ৰহাৰ কৰে ৷ ইমানতে ক্ষান্ত নাথাকি আৰক্ষীয়ে যুৱকজনক জোৰ কৰি থানালৈ লৈ যায় ৷

ইফালে, আটকাধীন যুৱকজনৰ জব্দকৃত মটৰ চাইকেলখন থানালৈ লৈ যোৱাৰ সময়ত যুৱকজনক প্ৰহাৰ কৰা আৰক্ষীগৰাকীয়েও হেলমেট পিন্ধা নাছিল বুলি অভিযোগ উত্থাপন হৈছে ৷

এতিয়া প্ৰশ্ন হয়, সাধাৰণ মানুহে পৰিবহণ আইন ভংগ কৰিলে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ কিন্তু যেতিয়া আৰক্ষীয়ে পৰিবহণ আইন ভংগ কৰে, তেতিয়া আৰক্ষীৰ বিৰুদ্ধে কোনে ব্যৱস্থা গ্ৰহণ কৰিব ? এই লৈ এতিয়া হাফলঙত সাধাৰণ নাগৰিকৰ মাজতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : আৰক্ষীৰ অনুমতিত পথ সুৰক্ষাৰ নামত সামগ্ৰী বিক্ৰীৰ গইনা লৈ পথত গুণ্ডা টেক্স সংগ্ৰহৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.