ETV Bharat / state

Congress slams Nandita Garlocha: দেবলাল গাৰ্লচাক বিপথে পৰিচালিত কৰিছে কোনে ?

author img

By

Published : Apr 13, 2023, 6:44 PM IST

controversy over the panchayat raj system in Dima Hasao
পঞ্চায়ত ৰাজ ব্যৱস্থা লৈ ডিমা হাছাওত আকৌ বিতৰ্ক

বৃহস্পতিবাৰে হাফলং ৰাজীৱ ভৱনত ডিমা হাছাও জিলা কংগ্ৰেছেৰ উপ-সভাপতি অৰিপম বড়োৱে আয়োজন কৰে এক সংবাদমেলৰ ৷ এই সংবাদ মেলতে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লচাই ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ ব্যৱস্থাক লৈ কৰা মন্তব্যক সমালোচনা কৰে ডিমা হাছাও জিলা কংগ্ৰেছে (Controversy over the panchayat raj system in Dima Hasao)৷

পঞ্চায়ত ৰাজ ব্যৱস্থা লৈ ডিমা হাছাওত আকৌ বিতৰ্ক

হাফলং, 13 এপ্ৰিল : পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰাক লৈ ডিমা হাছাও জিলাত আকৌ বিতৰ্ক (Controversy over the panchayat raj system in Dima Hasao) । এইবাৰ পঞ্চায়তীৰাজ ব্যৱস্থা লৈ ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লচাৰ এক মন্তব্যক লৈ ডিমা হাছাও জিলাত পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে । ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তনক লৈ কংগ্ৰেছসহ জিলাৰ বিভিন্ন ছাত্ৰ সংগঠন সামাজিক সংগঠন বিৰোধিতা কৰি আহিছে (Dima Hasao district congress criticized Power Minister Nandita Garlosa)।

উল্লেখ্য যে, যোৱা 11 মাৰ্চ মাইবাঙত আয়োজিত এক জনসভাত ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লচাই ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ ব্যৱস্থা লৈ এক মন্তব্য দিয়াৰ পিচতেই ডিমা হাছাও জিলা কংগ্ৰেছ আকৌ এবাৰ সৰৱ হৈ উঠা পৰিলক্ষিত হৈছে । বৃহস্পতিবাৰে এই সন্দৰ্ভত হাফলং ৰাজীৱ ভৱনত ডিমা হাছাও জিলা কংগ্ৰেছেৰ উপ-সভাপতি অৰিপম বড়োৱে এক সংবাদমেল সম্বোধন কৰে ৷

তেওঁ কয়, ‘‘যোৱা 2019 চনৰ 25 ছেপ্টেম্বৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত ক্ষমতাত থকা বিজেপি দলে ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে অনুমোদন জনাই আনন্দ কমিচনৰ ওচৰতে এক প্ৰস্তাৱ প্ৰেৰণ কৰিছিল ৷ এই বিষয়টো ৰাজহুৱা হোৱাৰ পিচতে কংগ্ৰেছ দলে পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তনৰ বিষয়টো লৈ বিৰোধিতা কৰি জিলাৰ বিভিন্ন ঠাইত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷ যাৰ বাবে কংগ্ৰেছ দলৰ লগতে বিভিন্ন ছাত্ৰ সংগঠন আৰু সামাজিক সংগঠনে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তনক লৈ প্ৰতিবাদ মুখৰ হৈ উঠিছিল । কিন্তু তেতিয়া সেয়া কংগ্ৰেছ দলৰ অপপ্ৰচাৰ বুলি এক বিবৃত্তিযোগে সদৰী কৰিছিল বিজেপিয়ে’’ ৷

এই সংবাদমেলতে অৰিপম বড়ো আৰু কয়, ‘‘ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তনক লৈ কংগ্ৰেছ দলে অপপ্ৰচাৰ চলোৱা নাছিল, সেয়া ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লচাই দিয়া 10 এপ্ৰিল মাইবাঙৰ এক জনসভাত দিয়া মন্ত্যব্যত স্পষ্ট হৈ উঠিছে’’ । জিলা কংগ্ৰেছৰ উপ-সভাপতি অৰিপম বড়োৰ প্ৰশ্ন, যদি ডিমা হাছাও জিলাত পঞ্চায়ত ৰাজ ব্যৱস্থা প্ৰৱৰ্তনৰ বিষয়টো আনন্দ কমিচনৰ পৰা বাদ দিয়া হৈছে, তেন্তে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদে আনন্দ কমিচনক নতুন কি প্ৰস্তাৱ প্ৰেৰণ কৰিছে সেয়া কিয় ৰাজহুৱা কৰা হোৱা নাই ? অৰিপম বড়োৰ দাবী অনতিপলমে এই বিষয়টো বিজেপিয়ে ৰাজহুৱা কৰিব লাগে ।

অৰিপম বড়োৱে কয়, ‘‘যেতিয়া ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰাক লৈ উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদে অনুমোদন জনায়, তেতিয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য চেমুয়েল চাংছনে তাত স্বাক্ষৰ কৰিছিল ৷ তেওঁ এগৰাকী শিক্ষিত ব্যক্তি হৈ ষষ্ঠ অনুসূচীৰ অধীনত ডিমা হাছাও জিলাত কেতিয়াও পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰচলন নহয় সেয়া জানিও কিয় বাধা দিয়া নাছিল ?’’

তেওঁ আৰু কয়, ‘‘উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য চেমুয়েল চাংছনে সকলো জানিও পাৰ্বত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচাক বিপথে পৰিচালিত কৰিছিল’’ । উল্লেখ্য যে, উক্ত সংবাদমেলত উপস্থিত থাকে ডিমা হাছাও জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কালীজয় চেংয়ুং আৰু উপ-সভাপতি লালথাং চাংগা মাৰ ।

লগতে পঢ়ক : ED Case Against BBC : বিদেশী পুঁজি উলংঘনৰ অভিযোগত বিবিচিৰ বিৰুদ্ধে ইডিৰ গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.