ETV Bharat / bharat

ED Case Against BBC : বিদেশী পুঁজি উলংঘনৰ অভিযোগত বিবিচিৰ বিৰুদ্ধে ইডিৰ গোচৰ

author img

By

Published : Apr 13, 2023, 1:57 PM IST

বিবিচিৰ বিৰুদ্ধে এইবাৰ ইডিৰ গোচৰ (ED registers case against BBC) । বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইনৰ অধীনত বিদেশী পুঁজি সম্পৰ্কীয় অনিয়মৰ অভিযোগত এই গোচৰ ৰুজু কৰিছে ইডিয়ে ।

ED Case Against BBC
ED Case Against BBC

নিউজ ডেস্ক, ১৩ এপ্ৰিল : এইবাৰ বিবিচিৰ বিৰুদ্ধে আইনী যুঁজত নামিছে প্ৰৱৰ্তন সঞ্চালকালয় (Enforcement Directorate, ED) । বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইনৰ (Foreign Exchange Management Act, FEMA) অধীনত বিদেশী পুঁজি সম্পৰ্কীয় অনিয়মৰ অভিযোগত বিবিচিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে ইডিয়ে (ED registers case against BBC) ।

উল্লেখ্য যে এই ব্ৰিটিছ সংবাদ মাধ্যমটো শেহতীয়াভাৱে আয়কৰ আৰু ইডিৰ ৰোষত পৰে এখন বিতৰ্কিত তথ্যচিত্ৰৰ বাবে । 'ইণ্ডিয়া : দ্য মোডী কুৱেচন' (India The Modi Question) শীৰ্ষক এখন বিতৰ্কিত তথ্যচিত্ৰ প্ৰকাশ কৰাৰ পিচতে বিবিচিৰ ওপৰত শেনচকু পৰে । উল্লেখ্য, এই তথ্যচিত্ৰখনক ভাৰত চৰকাৰে দেশৰ ভাবমূৰ্তি কলুষিত কৰাৰ বাবে সমালোচনা কৰে ।

সূত্ৰত প্ৰকাশ পোৱা মতে, বিবিচিৰ সম্পাদকীয় আৰু প্ৰশাসনিক বিভাগসমূহক ইডিৰ সন্মুখত হাজিৰ হ'বলৈ কোৱা হৈছে (case against BBC over foreign funding violation) । উল্লেখ্য, আয়কৰ বিভাগে ইয়াৰ পূৰ্বে বিবিচিৰ ওপৰত এটা জৰীপ চলাইছিল । ইয়াৰ পিচত ইডিয়ে বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়ে আৰু বিবিচিলৈ চমনো প্ৰেৰণ কৰে । বিষয়াসকলে প্ৰকাশ কৰা মতে, ইয়াৰ তদন্ত চলি আছে ।

আনহাতে, বিগত ফেব্ৰুৱাৰীত আয়কৰ বিষয়াসকলে বিবিচিৰ নতুন দিল্লী আৰু মুম্বাইস্থিত কাৰ্যালয়ত অনুসন্ধান অভিযান চলাইছিল । ইয়াৰ পূৰ্বে ই ইউটিউব ভিডিঅ' আৰু টুইটাৰ পোষ্টবোৰ ব্লক কৰাৰ বাবেও নিৰ্দেশ দিছিল, যাৰ ছ'চিয়েল মিডিয়াত বিতৰ্কিত তথ্যচিত্ৰখনৰ সৈতে সম্পৰ্ক আছিল । ইয়াৰ উপৰি চৰকাৰে টুইটাৰক তথ্যচিত্ৰখনৰ লিংক থকা 50 টাতকৈও অধিক টুইট ব্লক কৰিবলৈ নিৰ্দেশ দিছিল ।

উল্লেখ্য, তথ্যচিত্ৰখনে ২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ভাৰত চৰকাৰৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে । বিবিচিৰ বিৰুদ্ধে ভুৱা বাতৰি আৰু প্ৰচাৰৰ লগতে দেশত বিশৃংখলতা সৃষ্টি কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছিল । সংঘৰ্ষৰ সময়ত প্ৰায় ১০০০ লোক নিহত হৈছিল, যাৰ গৰিষ্ঠ সংখ্যকেই মুছলমান আছিল ।

বিবিচিয়ে অৱশ্যে তথ্যচিত্ৰখন ভাৰতত সম্প্ৰচাৰ কৰা নাছিল যদিও ভিডিঅ'টো ইউটিউবত আপলোড কৰা হৈছিল ৷ টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে বুধবাৰে কয় যে তেওঁ তথ্যচিত্ৰখন আৰু মাইক্ৰ' ব্লগিং ছাইটৰ দ্বাৰা ব্লক কৰা সম্পৰ্কীয় পোষ্টসমূহৰ বিষয়ে অৱগত নহয় ৷ তেওঁ লগতে কয় যে ভাৰতৰ সামাজিক মাধ্যমত এক অতি কঠোৰ আইন আছে আৰু তেওঁ আইন অমান্য কৰাৰ সলনি আইন পালন কৰাৰ পক্ষপাতী ।

লগতে পঢ়ক :Musk on Owning Twitter : টুইটাৰ চলোৱাটো যথেষ্ট বেদনাদায়ক: এলন মাস্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.