ETV Bharat / state

Dead body recovered: দুদিনৰ অন্তত নিখোঁজ ব্যক্তিৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ সন্দেহ

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 11:20 AM IST

dead body recovered at Halflong
dead body recovered at Halflong

ডিমা হাছাও জিলাত সোমবাৰে এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ ৷ নিম্ন হাফলঙৰ বাসিন্দা স্বপন দেৱনাথ (42) নামৰ এগৰাকী ব্যক্তিৰ মৃতদেহ তেওঁৰ ঘৰৰ পৰা 100 মিটাৰ দূৰত জংঘলৰ ভিতৰত এটা গাঁতৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৷

হাফলং, 29 আগষ্ট: ৰাজ্যত এতিয়া ইটোৰ পিচত সিটোকৈ মৃতদেহ উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ডিমা হাছাও জিলাত সোমবাৰে এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰৰ ঘটনাকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ নিম্ন হাফলঙৰ বাসিন্দা স্বপন দেৱনাথ (42) নামৰ এগৰাকী ব্যক্তিৰ মৃতদেহ তেওঁৰ ঘৰৰ পৰা 100 মিটাৰ দূৰত জংঘলৰ ভিতৰত এটা গাঁতৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৷

ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে দিনৰ ভাগত এগৰাকী স্কুলৰ ছাত্ৰই এটা গাঁতৰ ভিতৰত বস্তা এটাত এটা মৃতদেহ দেখি বিদ্যালয়ৰ শিক্ষকক অৱগত কৰে ৷ তাৰ পিচতে শিক্ষকগৰাকীয়ে ওচৰ পাজৰৰ লোকক অৱগত কৰাৰ পিচতে ততালিকে আৰক্ষীক খবৰ দিয়ে ৷

খবৰ লাভ কৰিয়েই হাফলং চৰকাৰী বাগান আউট পোষ্টৰ পৰা আৰক্ষী আৰু দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হয় আৰু গাঁতৰ ভিতৰৰ পৰা বস্তাৰ ভিতৰত থকা মৃতদেহটো উদ্ধাৰ কৰে ৷ ইয়াৰ পিচতেই মৃতকৰ পুত্ৰই মৃত লোকজনৰ পেন্টটো দেখি মৃতদেহটো পিতৃ স্বপন দেৱনাথৰ বুলি চিনাক্ত কৰে ।

পুত্ৰই জনোৱা অনুসৰি শনিবাৰে নিশা ঘৰৰ বস্তু ক্ৰয় কৰিবৰ বাবে 1000 টকা লৈ ঘৰৰ পৰা ওলাই গৈছিল স্বপন দেৱনাথ নামৰ ব্যক্তিগৰাকী । ইয়াৰ পিচৰ পৰা তেওঁ সন্ধানহীন হৈ আছিল ৷ সম্প্ৰতি আৰক্ষীয়ে স্বপন দেৱনাথৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

ইতিমধ্যে এই ঘটনা লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ সন্দেহ অনুসৰি স্বপন দেৱনাথক কোনোৱে হত্যা কৰি বস্তাৰ ভৰাই গাঁতত পেলাই দিয়ে । ইপিনে স্বপন দেৱনাথৰ পত্নীয়ে জানিবলৈ দিয়া মতে শনিবাৰে নিশা স্বপন দেৱনাথে তেওঁৰ পত্নীৰ লগতে কাজিয়া কৰি 1000 টকা লৈ ঘৰৰ পৰা ওলাই যায় ইয়াৰ পিচতে তেওঁ ঘৰলৈ ঘূৰি নাহে ৷

ইয়াৰ পিচতে যোৱা দুদিন ধৰি স্বপন দেৱনাথৰ পত্নী আৰু তেওঁৰ পৰিয়ালৰ লোকে লোকজনৰ বিচাৰ খোচাৰ কৰে যদিও কোনেও সন্ধান উলিয়াব পৰা নাছিল বুলি আৰক্ষীক জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Deer meat seized: নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বিজেপি নেতাৰ ৰিজ’টত সুগৰি পহুৰ মাংসসহ দুজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.