পথ নিৰ্মাণৰ নামত চৰকাৰী ধন আত্মসাৎ ডিমা হাছাওত !

author img

By

Published : Sep 13, 2021, 4:23 PM IST

curruption news at dimahasao

পথ নিৰ্মাণৰ নামত ডিমা হাছাওত চৰকাৰী ধনৰ হৈছে অপব্যয় ৷ মিচিদুই বৰচেনামৰ 33 কিলোমিটাৰ সংযোগী পথত সংঘটিত হৈছে দুৰ্নীতি ৷ প্ৰধানমন্ত্ৰী গ্ৰামীণ চৰক যোজনা (PMGSY)ৰ কামত হোৱা দুৰ্নীতিৰ তথ্য পোহৰলৈ আনিছে অঞ্চলটোৰ ৰাইজে ৷

ডিমা হাছাও, 13 ছেপ্তেম্বৰ : দুৰ্নীতি আৰু অনিয়মেই এতিয়া নীতি-নিয়ম হৈ পৰিছে অসমৰ বিভিন্ন বিভাগত ৷ সঘনে পোহৰলৈ আহিছে ৰাজ্যৰ বিভিন্ন বিভাগত হোৱা বিসংগতিৰ তথ্য ৷ অভিযোগ অনুসৰি, এইবাৰ ডিমাহাচাওৰ লোক নিৰ্মাণ বিভাগৰ কামত সংঘটিত হৈছে দুৰ্নীতি ৷ অভিযোগ অনুসৰি, পথ নিৰ্মাণৰ নামত ডিমা হাচাওত চৰকাৰী ধনৰ শ্ৰাদ্ধ পাতিছে ৷ প্ৰধানমন্ত্ৰী গ্ৰামীণ চৰক যোজনা (PMGSY) ৰ মিচিদুই বৰচেনাম 33 কিল’মিটাৰ সংযোগী পথ নিৰ্মাণৰ কামত সংঘটিত হৈছে বিসংগতি । এই কোটি টকীয়া পথচোৱাৰ কামৰ বিসংগতিৰ তথ্য পোহৰলৈ আনিছে অঞ্চলবাসী ৰাইজে ৷

curruption news at dimahasao
ডিমা হাছাওত অপব্যয় হৈছে চৰকাৰী ধন

লগতে পঢ়ক: অসমত স্থাপন কৰা হ'ব ৪০০ টা 'বন-ধন বিকাশ কেন্দ্ৰ'

উল্লেখ্য যে, এই বিশেষ পথচোৱা নিৰ্মাণৰ নাম আৱন্টিত হৈছিল প্ৰায় 31 কোটি টকা ৷ কিন্তু জানি আচৰিত হ’ব, কোটি টকীয়া কামৰ আধা অংশও সম্পূৰ্ণ নকৰি ছামঞ্চোল পাল ববীয়া নিৰ্মাণ সংস্থাটোৱে 86 শতাংশ টকা অৰ্থাৎ মুঠ 26 কোটি 95 লাখ টকা মোকোলাই লৈ যায় । হাফলং লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ হোৱা এই পথটোৰ কাম সম্পূৰ্ণ নকৰাকৈ কিয় নিৰ্মাণ সংস্থাটোক ইমানখিনি টকা মোকলাই দিলে, সেয়াও বৰ্তমান ৰহস্যৰ আৱৰ্তত ৷ ইফালে এই অসম্পূৰ্ণ পথচোৱাই এতিয়া জলা-কলা খুৱাইছে অঞ্চলবাসী ৰাইজক ৷

ডিমা হাছাওত PMGY আঁচনিত দুৰ্নীতি

লগতে পঢ়ক: যাত্ৰীবাহী ভূটভূটি আৰু ফেৰী চলাচলত প্ৰশাসনৰ ১৪৪ ধাৰা বলৱৎ

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী গ্ৰাম চৰক যোজনাৰ অধীনত মিচিদুই বৰচেনাম সংযোগী পথ নিৰ্মাণৰ কাম আছিল আছিল অতি নিম্নমানৰ ৷ যাৰ বাবে এই বিশেষ পথচোৱা নিৰ্মাণৰ তিনি মাহ নৌহওঁতেই এই সংযোগী পথটোৰ ব্লেকটেপিং উঠি যায় ৷ ফলত যাতায়তৰ বাবে অনুপযোগী হৈ পৰে পথচোৱা ৷ দুৰ্নীতি মুক্ত অসমৰ কথা কোৱা চৰকাৰৰ দিনতে সংঘটিত হোৱা এই পথচোৱাৰ কাম অতি শীৰ্ঘ্ৰে সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক: নিমাতীঘাটৰ নাও দুৰ্ঘটনাত নিৰুদ্দিষ্ট ডাঃ বিক্ৰমজিৎ বৰুৱাৰ ঘৰত স্বাস্থ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.