নিমাতীঘাটৰ নাও দুৰ্ঘটনাত নিৰুদ্দিষ্ট ডাঃ বিক্ৰমজিৎ বৰুৱাৰ ঘৰত স্বাস্থ্যমন্ত্ৰী

author img

By

Published : Sep 13, 2021, 1:48 PM IST

health minister visit bikram home

অভিশপ্ত 8 ছেপ্তেম্বৰৰ নিমাতীৰ নাও দুৰ্ঘটনাত নিখোজ হৈছিল চিকিৎসক বিক্ৰমজিৎ বৰুৱা ৷ বৰ্তমানেও কোনো সন্ধান নাই চিকিৎসকগৰাকীৰ ৷ নিৰুদ্দিষ্ট চিকিৎসক বৰুৱাৰ ঘৰত সোমবাৰে উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ।

যোৰহাট, 13 ছেপ্তেম্বৰ : অভিশপ্ত 8 ছেপ্তেম্বৰ ৷ কাহানিও পাহৰিব নোৱাৰা এক ঘটনা সংঘটিত হ’ল মাজুলীৰ নিমাতীঘাটত ৷ গাৰ নোম শিয়ৰি উঠা নাও দুৰ্ঘটনাৰ দৃশ্যাংশ বন্দী হৈছিল বহুকেইজন লোকৰ ম’বাইলত ৷ যি দৃশ্যৰ পৰা অনুমান কৰিব পাৰি যে, এই দুৰ্ঘটনা কিমান ভয়াৱহ আছিল ৷

8 ছেপ্তেম্বৰত নিমাতীৰ পাৰঘাটত হোৱা নাও দুৰ্ঘটনাই ইতিমধ্যে প্ৰাণ কাঢ়িলে দুজনকৈ ব্যক্তিৰ ৷ কিমানগৰাকী ব্যক্তি প্ৰকৃততে নিখোজ হৈ আছে, বৰ্তমানেও নাই কোনো বিভাগৰ হাতত সঠিক তথ্য ৷ তথাপিও সেই দুৰ্ঘটনাত পতিত হৈ বৰ্তমানেও সন্ধানহীন হৈ আছে চিকিৎসক বিক্ৰমজিৎ বৰুৱা ৷

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ

ফেৰী দুৰ্ঘটনাৰ পাঁচটা দিন উকলি যোৱাৰ পাচতো কোনো সন্ধান নাই চিকিৎসক বৰুৱাৰ ৷ নাও দুৰ্ঘটনাৰ পাঁচদিন উকলি যোৱাৰ পিছতো চিকিৎসকগৰাকীৰ কোনো সন্ধান লাভ নকৰাত শোকত ভাঙি পৰিছে পৰিয়াল তথা আত্মীয় ৷ সোমবাৰে সন্ধানহীন চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ যোৰহাটৰ বৰুৱা চাৰিআলিস্থিত বাসগৃহত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসকগৰাকীক উদ্ধাৰৰ বাবে বৰ্তমানেও অব্যাহত থকা অভিযানৰ বিষয়ে পৰিয়ালক ব্যক্ত কৰে ৷

লগতে পঢ়ক: যাত্ৰীবাহী ভূটভূটি আৰু ফেৰী চলাচলত প্ৰশাসনৰ ১৪৪ ধাৰা বলৱৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.