ETV Bharat / state

ডিমা হাছাও জিলাত পুনৰ 69 গৰাকী লোক কৰ'ণাত আক্ৰান্ত

author img

By

Published : Jun 12, 2021, 1:31 PM IST

covid-update-of-dima-hasao
ডিমা হাছাও জিলাত পুনৰ 69 গৰাকী লোক কৰ'ণাত আক্ৰান্ত

ডিমা হাছাও জিলাত কৰ'ণা (Corona) আক্ৰান্ত ৰোগীৰ সংখ্যা 1,867 গৰাকী লৈ বৃদ্ধি হোৱাৰ বিপৰীতে সুস্থ হোৱা ৰোগীৰ সংখ্যা 1,185 গৰাকী ৷ জিলা খনত কৰ'ণা আক্ৰান্ত ৰোগীৰ হাৰ 64 শতাংশ । আনহাতে, জিলাখনত ক’ভিড (covid 19)ত আক্ৰান্ত হৈ 15 গৰাকী ৰোগীৰ মৃত্যু হৈছে ৷

ডিমা হাছাও, 12 জুন : ডিমা হাছাও জিলাত বিগত 24 ঘণ্টাত 69 গৰাকী লোকৰ দেহত কৰ'ণা (Corona)ৰ অৱস্থিতি ধৰা পৰিছে ৷ জিলাখনত কৰ'ণা (Corona) আক্ৰান্ত ৰোগীৰ সংখ্যা 1,867 গৰাকী লৈ বৃদ্ধি হোৱাৰ বিপৰীতে সুস্থ হোৱা ৰোগীৰ সংখ্যা 1,185 গৰাকী ৷ পাহাৰীয়া জিলা খনত কৰ'ণা (Corona) আক্ৰান্ত ৰোগীৰ হাৰ 64 শতাংশ ।

ইপিনে জিলা খনত লাহে লাহে ক’ভিড (covid 19) সংক্ৰমণৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে যদিও জিলাখনৰ বিভিন্ন অঞ্চলত ৰাইজে চৰকাৰী নীতি নিৰ্দেশনা মানি চলা নাই৷ জিলাৰ বিভিন্ন ঠাই গাঁৱৰ মানুহে ক’ভিড প্ৰ’টকল (covid protocol)ক অমান্য কৰিছে যাৰ বাবে জিলা উপায়ুক্ত পল বৰুৱা (Pal Baruah)ৰ নিৰ্দেশত জিলাৰ বিভিন্ন অঞ্চলত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন ৰাইজৰ মাজত সজাগতা অভিযান আৰম্ভ কৰিছে ।

ডিমা হাছাও জিলাত পুনৰ 69 গৰাকী লোক কৰ'ণাত আক্ৰান্ত

শুক্ৰবাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা ইএছচি বিশ্বজিত দত্ত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মাহুৰত উপস্থিত হৈ বেংক বজাৰ আদি পৰিদৰ্শন কৰি ৰাইজক সজাগ কৰি তুলিবলৈ মাস্ক বিতৰণ কৰে ৷ ইয়াৰ লগতে ৰাজহুৱা প্ৰতিষ্ঠানত ৰাইজে সামাজিক দূৰত্ব বর্তাই ৰখাৰ লগতে মাস্ক পৰিধান কৰে তাৰে আহ্বান জনায় ৷

অন্যহাতে, হাফলং অসামৰিক চিকিৎসালয় (Haflong Civil Hospital)ত আই চি ইউ (ICU) নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও এতিয়ালৈ এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই । চিকিৎসালয়ৰ অধ্যক্ষ কল্পনা কেম্প্ৰাইয়ে কয় আই চি ইউ (ICU) নিৰ্মাণৰ কাম তীব্ৰ গতিত চলিছে কিন্তু ইয়াৰ সঠিক তথ্য লোক নিৰ্মান বিভাগে দিব পাৰিব বুলি জানিবলৈ দিয়ে অধ্যক্ষ গৰাকীয়ে ৷

প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমান হাফলং অসামৰিক চিকিৎসালয় (Haflong Civil Hospital)ত 45 গৰাকী কৰ'ণা আক্ৰান্ত ৰোগী চিকিৎসাধীন হোৱাৰ বিপৰীতে 6 গৰাকী কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে ৷ উল্লেখ্য যে, বৰ্তমানত ডিমা হাছাও জিলাত কৰ'ণা (Corona) আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা 640 গৰাকী৷ ইয়াৰ মাজত 589 গৰাকী ৰোগী হোম আইচ'লেচনত আছে ৷ আনহাতে, জিলাখনত ক’ভিডত আক্ৰান্ত হৈ 15 গৰাকী ৰোগীৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক : ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.