ETV Bharat / state

আনন্দ আৰু উচাহৰ মাজতে ডিমা হাছাওত বৰদিন উদযাপন

author img

By

Published : Dec 25, 2020, 10:38 PM IST

সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি ডিমা হাছাও জিলাত আনন্দ উচাহৰে বৰদিন উদযাপন কৰা হয়। সমগ্ৰ পাহাৰীয়া জিলাখন আজি উৎসৱমুখৰ হৈ উঠে বৰদিন উপলক্ষে।

Christmas celebration at Dima Hasao
ডিমা হাছাওত বৰদিন উদযাপন

ডিমা হাছাও, 25 ডিচেম্বৰ : ক'ভিড-19 মহামাৰীৰ বাবে চৰকাৰী নিয়ম-নীতি আৰু স্বাস্থ্যবিধি মানি সমগ্ৰ বিশ্বৰ লগতে দেশ তথা ৰাজ্যত পালন কৰা হৈছে বৰদিন ৷ ডিমা হাছাও জিলাতো আজি আনন্দ উচাহৰ মাজেৰে পালন কৰা হয় বৰদিন ৷ সমগ্ৰ পাহাৰীয়া জিলাখন আজি উছৱমুখৰ হৈ উঠে বৰদিন উপলক্ষে ৷

Christmas celebration at Dima Hasao
ডিমা হাছাওত বৰদিন উদযাপন

হাফলঙৰ লগতে ডিমা হাছাও জিলাৰ বিভিন্ন গীৰ্জাত প্ৰাৰ্থনা অনুষ্ঠিত হয় ৷ নিশা 12 বজাত বৰদিনৰ বৃহৎ প্ৰাৰ্থনা অনুষ্ঠিত হয় হাফলং চহৰৰ বিভিন্ন গীৰ্জা ঘৰত ৷ শুকুৰবাৰে পুৱা আৰু সন্ধিয়া বিশ্ব শান্তি কামনাৰে অনুষ্ঠিত হয় প্ৰাৰ্থনা সভা ৷ ইপিনে বৰদিন উপলক্ষে হাফলং চহৰৰ বিভিন্ন গীৰ্জা বৰদিনৰ কেৰলে মুখৰিত কৰি তোলা হয় ৷

লগতে পঢ়ক : অৱশেষত কংগ্ৰেছৰ পৰা বহিস্কাৰ অজন্তা নেওগক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.