ETV Bharat / state

Booster dose of covid vaccine starts : ডিমা হাছাওত আৰম্ভ কৰ’ণাৰ তৃতীয় পালি প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী

author img

By

Published : Jan 11, 2022, 1:11 PM IST

Booster dose of covid vaccine starts in Dima Hasao
ডিমা হাছাওত আৰম্ভ কৰ’ণাৰ তৃতীয় পালি প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী

ডিমা হাছাওত আৰম্ভ কৰ’ণাৰ তৃতীয় পালি প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী (Booster dose of covid vaccine starts in Dima Hasao) ৷ জিলাখনত এই কাৰ্যসূচী মুকলি কৰাৰ পিছতে প্ৰথমে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ দীপালী বৰ্মনে তৃতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰে ।

ডিমা হাছাও, 11 জানুৱাৰী : সমগ্ৰ দেশত ক’ভিডৰ তৃতীয় ঢৌ তথা অ’মিক্ৰণত আক্ৰান্ত ৰোগীৰ সংখ্যা ভয়ংকৰ হাৰত বৃদ্ধি পাবলৈ ধৰিছে । অসমতো ক’ভিড 19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুতহাৰত বৃদ্ধি হৈছে । ক’ভিডৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণক লৈ সমগ্ৰ দেশতে একপ্ৰকাৰ আতংকময় পৰিৱেশ বিৰাজ কৰিছে ৷

ডিমা হাছাওত নতুনকৈ 12 গৰাকী ব্যক্তি ক’ভিড 19 ত আক্ৰান্ত হৈছে । ইয়াৰ মাজতে সোমবাৰৰ পৰা সমগ্ৰ ৰাজ্যৰ লগতে ডিমা হাছাওতো ক’ভিডৰ তৃতীয় পালি অৰ্থাৎ সুৰক্ষা পালি প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী আৰম্ভ (Booster dose of covid vaccine starts in Dima Hasao) হৈছে । সোমবাৰে হাফলং অসামৰিক চিকিৎসালয়ত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব এল জুবি নামপুয়ে ক’ভিডৰ তৃতীয় পালি প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।

Booster dose of covid vaccine starts in Dima Hasao
ডিমা হাছাওত আৰম্ভ কৰ’ণাৰ তৃতীয় পালি প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী

এই কাৰ্যসূচীয়ে পোনপ্ৰথমে 60 বছৰৰ ঊৰ্ধৰ সকলো ব্যক্তি আৰু স্বাস্থ্য কৰ্মীসকলক সামৰি ল’ব ৷ জিলাখনত এই কাৰ্যসূচী মুকলি কৰাৰ পিছতে প্ৰথমে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ দীপালী বৰ্মনে তৃতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰে ।

উল্লেখ্য যে, সোমবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta launched the precautionary dose of Covid 19 in JMCH) ৷ মন্ত্ৰীগৰাকীয়ে বুষ্টাৰ ড’জৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত (Health minister Keshab Mahanta in JMCH) থাকি এই ড’জ গ্ৰহণ কৰিবলৈ উপযুক্ত লোকসকলক আহ্বান জনায় ৷

লগতে চাওক: ভেকচিন গ্ৰহণ নকৰা কৰ্মচাৰীয়ে লাভ নকৰে দৰমহা, থাকিব লাগিব ঘৰতে : স্বাস্থ্যমন্ত্ৰী

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.