ETV Bharat / state

মূল সুঁতিলৈ ঘূৰি আঁহক ডিমাচা নেচনেল লিবাৰেচন আৰ্মি: ধনপাইনন থাওচেন

author img

By

Published : Aug 17, 2021, 2:27 PM IST

Updated : Aug 17, 2021, 2:48 PM IST

dimacha national liberation army
মূল সুঁতি লৈ ঘূৰি আহক ডিমাচা নেচনেল লিবাৰেচন আৰ্মি

উগ্ৰপন্থী সংগঠন ডিমাচা নেচনেল লিবাৰেচন আৰ্মিক মূল সুঁতিলৈ ঘূৰি অহাৰ আহ্বান ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেনৰ ৷ সোমবাৰে সংবাদমেলযোগে এই আহ্বান বিজেপিৰ সভাপতিiৰাকীৰ ৷

ডিমা হাছাও,17 আগষ্ট: সোমবাৰে হাফলং অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হয় এখন সংবাদমেলৰ ৷ ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেনৰ নেতৃত্বত অনুষ্ঠিত হয় এই সংবাদমেলৰ ৷ এই সংবাদমেলতেই ডিমা হাছাও জিলা বিজেপিৰ সভাপতিগৰাকীয়ে উগ্ৰপন্থী সংগঠনৰ লগত কংগ্ৰেছৰ নিচিনা এটা ৰাষ্ট্ৰীয় দলৰ নেত্ৰী জড়িত থকাৰ অভিযোগ দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৷

এই সংবাদমেলতেই বিজেপিৰ জিলা সভাপতি ধনপাইনন থাওচেনে কয় যে, দীর্ঘ দিনৰ পিচতে ডিমা হাছাও জিলালৈ শান্তি ঘূৰি আহিছে ৷ লগতে জিলাখনত আৰম্ভ হৈছিল উন্নয়নৰ কামো । কিন্তু জিলাখনত শান্তি বিনষ্ট কৰাৰ বাবে বিৰোধী দলৰ এগৰাকী সদস্য উগ্ৰপন্থী সংগঠনৰ লগতে জড়িত থকাৰ বিষয়টো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷

মূল সুঁতি লৈ ঘূৰি আহক ডিমাচা নেচনেল লিবাৰেচন আৰ্মি

জিলা বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে, সমাজক আগুৱাই লৈ যোৱাটো শাসক বিৰোধী সকলো দলৰে দায়িত্ব ।

কোনো অশুভ শক্তিক কেতিয়াও উচতনি দিয়া উচিত নহয় বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷ ইফালে পুনৰ কংগ্ৰেছী নেতা নিৰ্মল লাংথাচাৰ নেতৃত্বত ডিমাচা নেচনেল আৰ্মি নামৰ উগ্ৰপন্থী সংগঠনটোে সক্ৰিয় হৈ উঠাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰে সভাপতি গৰাকীয়ে ৷

ৰাজ্যৰ বহু শিক্ষিত যুৱকে বিভিন্ন কাৰণত হাতত মাৰনাস্ত্ৰ লৈ বিপথে পৰিচালিত হৈছে ৷ হাতত মাৰনাস্ত্ৰ তুলি ল’লে ৰাজ্যত শান্তি ঘূৰি নাহে বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷ সেয়ে সেই সকল শিক্ষিত যুৱক-যুৱতী পুনৰ মূল সূঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে সভাপতি ধনপাইনন থাওচেনে ৷

আনহাতে, সংবাদমেলত বিজেপিৰ সভাপতি গৰাকীয়ে উল্লেখ কৰে যে, বিজেপি দলে শান্তি আৰু উন্নয়নৰ লক্ষ্যৰে কাম কৰি আছে । ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত বিজেপিয়ে ক্ষিপ্ৰতাৰে কাম কৰি যাব বুলিও উল্লেখ কৰে ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেনে ৷

লগতে পঢ়ক: বাঁহৰ খুঁটাৰে বিদ্যুৎ সেৱা: শংকিত গাঁওবাসী

Last Updated :Aug 17, 2021, 2:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.