ETV Bharat / state

এতিয়াৰ পৰা নতুনকৈ PRC আবেদন কৰিলে লাগিব ভূমিৰ কাগজ আৰু ভোটাৰ তালিকা

author img

By

Published : Mar 23, 2022, 10:48 PM IST

এতিয়াৰ পৰা ডিমা হাছাওত নতুনকৈ PRC আবেদন কৰিলে লাগিব ভূমিৰ কাগজ আৰু ভোটাৰ তালিকা ৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ এই নিৰ্দেশনাৰ তীব্ৰ বিৰোধিতা কৰিছে ইণ্ডিজিনাচ ষ্টুডেন্টস ফৰাম (Indigenous students' forum) আৰু ইণ্ডিজিনাচ উইমেন ফৰামে ৷

এতিয়াৰ পৰা নতুনকৈ PRC আবেদন কৰিলে লাগিব ভূমিৰ কাগজ আৰু ভোটাৰ তালিকা
এতিয়াৰ পৰা নতুনকৈ PRC আবেদন কৰিলে লাগিব ভূমিৰ কাগজ আৰু ভোটাৰ তালিকা

ডিমা হাছাও, 23 মাৰ্চ : অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত এতিয়াৰ পৰা নতুনকৈ পি আৰ চি ৰ বাবে আবেদন কৰিলে দিব লাগিব 1970 চনৰ ভূমিৰ কাগজ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ 1970 চনৰ ভোটাৰ তালিকা (Applying for a fresh PRC in Dima Hasao will require land record and electoral rolls) ।

বিগত 24 ফেব্ৰুৱাৰীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পাৰ্বত্য পৰিষদত দেৱলাল গাৰ্লচাৰ নেতৃত্বত চলি থকা বিজেপি শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহি সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ লগতে বিগত 28 ফেব্ৰুৱাৰীত এই সংক্ৰান্তত নিৰ্দেশনা জাৰি কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ভূমি আৰু ৰাজহ বিভাগে ।

এতিয়াৰ পৰা নতুনকৈ PRC আবেদন কৰিলে লাগিব ভূমিৰ কাগজ আৰু ভোটাৰ তালিকা

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ এই নিৰ্দেশনাক লৈ এতিয়া ডিমা হাছাও জিলাত বিভিন্ন উপজাতি জনগোষ্ঠীৰ দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে বুধবাৰে হাফলঙত ইণ্ডিজিনাচ ষ্টুডেন্টস ফৰাম (Indigenous students' forum) আৰু ইণ্ডিজিনাচ উইমেন ফৰামে যুটীয়াভাৱে এখন সাংবাদমেল সম্বোধন কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে লোৱা এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে ৷

লগতে আগন্তুক 7 দিনৰ ভিতৰত এই নিৰ্দেশ বাতিল নকৰিলে সংগঠন দুটাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয় ঘেৰাও কৰি এই সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিব বুলি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদক সকিয়াই দিয়ে ৷

সংবাদমেলত ইণ্ডিজিনাচ ষ্টুডেন্টস ফৰামৰ সভাপতি ডেভিড কেভমে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদখনে এই নিৰ্দশনা জাৰি কৰি পাহাৰীয়া জিলাৰ উপজাতি জনগোষ্ঠীৰ অধিকাৰ খৰ্ব কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰে ৷ সেয়ে এই নিৰ্দেশনাৰ বিৰোধীতা কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংবাদমেলত মন্ত্যব কৰে ডেভিড কেভমে ।

লগতে পঢ়ক : Assam Nagaland border Tension: অসমৰ বনাঞ্চলত সশস্ত্ৰ নগাৰ অগ্নিসংযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.