ETV Bharat / state

শিশু সৰবৰাহকাৰীৰ চক্ৰৰ কৱলৰ পৰা ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰিলে নাবালকক

author img

By

Published : May 10, 2022, 10:27 PM IST

নিউ হাফলং ষ্টেচনত চাঞ্চল্য । শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে'লৰ পৰা উদ্ধাৰ কৰা হয় এগৰাকী ৯ বছৰীয়া নাবালকক (9 year old rescued at New Haflong station) । উদ্ধাৰ হোৱা শিশুটিৰ ঘৰ বদৰপুৰত বুলি জানিব পৰা গৈছে ।

9-years-old-child-rescued-from-silchar-guwahati-express-train
শিশু সৰবৰাহকাৰীৰ চক্ৰৰ কৱলৰ পৰা ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰিলে নাবালকক

ডিমা হাছাও,১০ মে': শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে'লৰ পৰা এটি ৯ বছৰীয়া শিশুক উদ্ধাৰ কৰে ৰে'ল আৰক্ষীয়ে । মঙলবাৰে দুপুৰীয়া নিউহাফলং ষ্টেচনত শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে'লৰ পৰা সঞ্জীৱ দাস নামৰ ৯ বছৰীয়া শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰে'ল আৰক্ষী (9 year old rescued at New Haflong station) । বদুৰপুৰৰ পৰা শিলচৰলৈ যাবলৈ ঘৰৰ পৰা ওলাই আহি অৱশেষত শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে'লত আহি নিউহাফলং ষ্টেচন পোৱাৰ কথা জানিবলৈ দিয়ে ৰে'ল আৰক্ষীয়ে ।

মঙলবাৰে নিউহাফলং ষ্টেচনত থকা কৰ্তব্যত থকা ৰে'ল আৰক্ষীয়ে শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে'লৰ এটা ডবাৰ পৰা এই শিশুটিক উদ্ধাৰ কৰে । উদ্ধাৰ হোৱা শিশুটি কোনোবা শিশু সৰবৰাহকাৰীৰ চক্ৰৰ কৱলত পৰাৰ সন্দেহ কৰিছে ৰে'ল আৰক্ষীয়ে (Suspected child trafficking case in Haflong) । আৰক্ষীয়ে শিশুটিৰ পৰা লাভ কৰা তথ্য অনুসৰি শিশুটিৰ পিতৃৰ নাম গোপাল দাস আৰু মাতৃৰ নাম স্বপ্না দাস । শিশুটিয়ে বদৰপুৰ ষ্টেচনত টিকট ক্ৰয় কৰোতে ডিমাপুৰৰ টিকট দিয়াৰ কথাা উল্লেখ কৰে ।

ৰহস্যজনকভাৱে টিকটৰ ধন ক'ত পালে বুলি কৰা ৰে'ল আৰক্ষীৰ প্ৰশ্নৰ উত্তৰত শিশুটিয়ে মংগল নামৰ এগৰাকী ব্যক্তিয়ে ধন দিয়াৰ কথা উল্লেখ কৰে । এই তথ্যৰ ভিত্তিতেই ৰে'ল আৰক্ষীয়ে শিশুটি কোনোবা শিশু সৰবৰাহকাৰী চক্ৰৰ কবলত পৰাৰ সন্দেহ কৰিছে । সম্প্ৰতি শিশুটি নিউ হাফলং ষ্টেচনত ৰে'ল আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: হিমন্ত চৰকাৰৰ বৰ্ষপুৰ্তিৰ বিশাল ৰাজহুৱা সভাত ভাগ ল’লে অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.