ETV Bharat / state

Women Protest: টিংখাঙত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে মহিলাৰ ৰূদ্ৰৰূপ

author img

By

Published : Jul 20, 2022, 11:35 AM IST

নিচাযুক্ত সামগ্ৰী বন্ধ কৰাৰ দাবীত ঘৰ এৰি প্ৰতিবাদত নামিল শতাধিক মহিলা(Women protest against Narcotic substances)৷ মদ,ভাং, চুলাই, গুটখাৰ বিৰুদ্ধে ঘৰে-ঘৰে, দোকানে-দোকানে চলিল অভিযান । ৰাজপথত দমে- দমে জ্বলিল গুটখাৰ পেকেট । ভাঙিল বিলাতী সুৰাৰ বটল ।

women-protest-against-narcotic-substances
টিংখাঙত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে মহিলাৰ ৰূদ্ৰৰূপ

মৰাণ, 20 জুলাই: ৰাজ্যত নিচাসক্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰায়েই আৰক্ষীয়ে অভিযান চলাই জব্দ কৰি আহিছে নিচাযুক্ত সামগ্ৰী(Narcotic substances seized in Assam)ৰ বিৰুদ্ধে ৷ তেনে সময়তে নিচাযুক্ত সামগ্ৰী বন্ধ কৰাৰ দাবীত ঘৰ এৰি এইবাৰ প্ৰতিবাদত নামিল শতাধিক মহিলা(Women protest against Narcotic substances Tingkhong)৷

টিংখাঙত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে মহিলাৰ ৰূদ্ৰৰূপ

সোমবাৰে বিয়লি টিংখাঙৰ পিঠাগুটি চাহ বাগিচা অঞ্চলত চাহ মজদুৰ সংঘ আৰু আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে ৷

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অঞ্চলটোৰ সহস্ৰাধিক মহিলাই হাতে-হাতে প্লেকাৰ্ড লৈ বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে । আনহাতে, প্ৰতিবাদকাৰীসকলে ঘৰে-ঘৰে, দোকানে- দোকানে নিচাযুক্ত দ্ৰব্যৰ সন্ধান কৰাৰ লগতে জব্দকৃত নিচাযুক্ত সামগ্ৰীসমূহ জ্বলাই নষ্ট কৰে । লগতে চুলাই-মদ , গুটখা বিক্ৰেতাসকলক এনে অসাধু ব্যৱসায় বন্ধ কৰিবৰ বাবে প্ৰতিবাদকাৰীসকলে সকিয়নী প্ৰদান কৰে ।

লগতে পঢ়ক : নিচাযুক্ত দ্ৰব্য বিৰুদ্ধে গোলাঘাটত সজাগতামূলক শোভাযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.