ETV Bharat / state

বিদ্যুৎস্পৃষ্ট হৈ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বন্যহস্তীৰ মৃত্যু

author img

By

Published : Oct 8, 2022, 8:22 PM IST

Wild elephant dies of electric shock in Dehing Patkai National Park
বিদ্যুৎস্পৃষ্ট হৈ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বন্যহস্তীৰ মৃত্যু

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু বন্যহস্তীৰ (Wild elephant dies of electric shock in Dehing Patkai National Park) ৷ বিদ্যুৎ পৰিবাহী তাঁৰৰ লাগি বন্যহস্তীটোৰ মৃত্যু হোৱাৰ সন্দেহ (Wild elephant dies of electric shock) ৷

ডিব্ৰুগড়, 8 অক্টোবৰ: ডিব্ৰুগড়ৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত শনিবাৰে নিশা বিদ্যুৎস্পৃষ্ট হৈ এটা বন্যহস্তীৰ মৃত্যু হয় (Wild elephant dies of electric shock in Dehing Patkai National Park) ৷ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অসম অৰুণাচল সীমান্তৱৰ্তী পথৰ কাষতে মৃত্যু হয় বন্যহস্তীটোৰ । শনিবাৰে পুৱা হাতীটো পথৰ কাষত পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে খবৰ দিয়ে বন বিভাগক ৷

ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ পাছতেই বন বিভাগৰ লোকৰ লগতে পশু চিকিৎসকৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় ৷ প্ৰাৰম্ভিক তথ্যত জানিব পৰা মতে, শুকুৰবাৰে নিশা মৃত্যু হৈছিল হাতীটোৰ ৷ উল্লেখযোগ্য যে অৰুণাচল সংযোগী বিদ্যুৎ পৰিবাহী তাঁৰ অতি কম উচ্চতাত থকাৰ বাবে হাতীটোৰ শুৰ স্পৰ্শ হোৱাত সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো (Wild elephant dies of electric shock) ৷

বিদ্যুৎস্পৃষ্ট হৈ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বন্যহস্তীৰ মৃত্যু

এতিয়া প্ৰশ্ন হয় ৰাষ্ট্ৰীয় উদ্যানৰ দৰে জৈৱ-বৈচিত্র্যৰ ভৰা সংবেদনশীল এলেকাত কেনেকৈ ইমান কম উচ্চতাত বিদ্যুৎ পৰিবাহী তাঁৰ থাকিব পাৰে? বিদ্যুৎ বিভাগৰ চৰম হেমাহিৰ বাবেই সংঘটিত হৈছে নেকি এই ঘটনা? ইয়াকেই লৈ এতিয়া প্ৰকৃতি প্ৰেমীসকলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক: হোজাইত ৰে’লৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.