আজিও বঞ্চিত ৰাজ সাহায্যৰ পৰা সুদক্ষা শিপিনী হেমপ্ৰভা চুতীয়া

author img

By

Published : Nov 1, 2020, 9:47 PM IST

Weaver and artist Hemaprabha Chutia needs help form govt

মৰাণৰ সুদক্ষা শিপিনী হেমপ্ৰভা চুতীয়া আজিও বঞ্চিত ৰাজ সাহায্যৰ পৰা ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধায়ক চক্ৰধৰ গগৈয়ে প্ৰতিশ্ৰুতি দিও পাহৰিলে হেমপ্ৰভা চুতীয়াক ৷

মৰাণ, 1 নবেম্বৰ : সাত বছৰে নিৰৱচ্ছিন্নভাৱে তাঁতশালত বহি কাপোৰত তিনিখনকৈ ধৰ্মীয় গ্ৰন্থক জীৱন্ত ৰূপ দি ৰাজ্যখনৰ প্ৰেক্ষাপটত নিজকে পৰিচয় দিবলৈ সক্ষম হোৱা মৰাণৰ ফটিকাছোৱা অভয়পুৰীয়া গাঁও নিবাসী সুদক্ষা শিপিনী হেমপ্ৰভা চুতীয়া আজিও চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ আছে ৷ নিজৰ সাঁচতীয়া ধনকে মূলধন হিচাপে লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত গুণমালা কাপোৰত তুলি সম্পন্ন কৰাৰ পিছত বিভিন্ন ব্যক্তি বিশেষৰ আৰ্থিক সাহায্যৰে মাধৱদেৱৰ নামঘোষা আৰু শঙ্কৰদেৱৰ শ্ৰীমদ্ভাগৱত অসমীয়া, সংস্কৃত আৰু ইংৰাজী ভাষাত কাপোৰত তুলিবলৈ সক্ষম হৈছিল হেমপ্ৰভা চুতীয়া ৷ কিন্তু হেমপ্ৰভা চুতীয়াৰ অনন্য সম্পদ স্বৰূপ ধৰ্মীয় গ্ৰন্থ কেইখন সংৰক্ষণ কৰিবলৈ এটি সংগ্ৰহালয়ৰ অতি প্ৰয়োজন হৈ পৰিছে ৷

Weaver and artist Hemaprabha Chutia needs help form govt
ৰাজ সাহায্যৰ পৰা সুদক্ষা শিপিনী হেমপ্ৰভা চুতীয়া

২০১৯ চনৰ ৮ মাৰ্চত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা ক্ষুদ্ৰ সংগ্ৰহালয় নিৰ্মাণৰ ব্যয় প্ৰদান আৰু সাংস্কৃতিক মন্ত্ৰী নৱ দলেয়ে আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিও কাৰ্যকৰী নকৰিলে ৷ আনকি স্থানীয় বিধায়ক চক্ৰধৰ গগৈয়েও এক লাখ টকাৰ অনুদান ঘোষণা কৰিও কাৰ্যকৰী কৰা নাই ৷ সৃষ্টিৰ স্থানতে সম্পদৰাজি সংৰক্ষণ হোৱাটো বিচৰা শিল্পী-শিপিনী গৰাকীয়ে সংগ্ৰহালয়ৰ কাৰণে প্ৰয়োজনীয় ভূমি প্ৰদান কৰিবলৈ সাজু হৈছে ৷ মৰাণ প্ৰেছ ক্লাৱৰ অক্টোবৰ মাহৰ অতিথি অনুষ্ঠানত অংশগ্ৰহণ কৰি হেমপ্ৰভা চুতীয়াই এই মন্তব্য কৰে অনুষ্ঠানত ।

Weaver and artist Hemaprabha Chutia needs help form govt
হেমপ্ৰভা চুতীয়াক পাহৰিলে চৰকাৰে

উল্লেখযোগ্য যে ২০১২ চনৰ ২২ জুলাইত হেমপ্ৰভা চুতীয়াই ১৮ ইঞ্চি বহল, ৮০ ফুট দীঘলকৈ মুগা সূতাৰে আৰম্ভ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'গুণমালা' খন কাপোৰত তোলাৰ কাম ৷ ক'লা ৰঙৰ ঊণ সূতা আৰু গুণাৰে বাচি উলিয়ালে ৪৪০ টা পদ ৷ মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টিৰাজিক বস্ত্ৰ সংস্কৃতিলৈ ৰূপান্তৰৰ বাবে মনস্থ কৰা হেমপ্ৰভা চুতীয়াই ২০১৪ চনৰ ১০ আগষ্টত আৰম্ভ কৰিলে নামঘোষাৰ কাম ৷ ২ ফুট বহল আৰু ২০০ ফুট দীঘলকৈ মূগা সূতাৰে দীঘ দি এৰি সূতা বাণীৰে ক'লা ৰঙৰ আঁচুৰে দুবছৰত সম্পূৰ্ণ কৰিলে ১০০১ টা ঘোষাৰে মাধৱদেৱ বিৰচিত নামঘোষা ৷ আৰম্ভ কৰিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীমদ্ভাগৱত গীতাৰ সংস্কৃত আৰু ইংৰাজী সংস্কৰণক বস্ত্ৰত স্থান দিয়াৰ ৷

Weaver and artist Hemaprabha Chutia needs help form govt
হেমপ্ৰভা চুতীয়া

শিপিনী গৰাকীক অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্পই "শ্ৰেষ্ঠা শিপিনী", যোৰহাটৰ বকুলবন ন্যাসে "বকুলবন বঁটা", শ্ৰীমন্ত শংকৰদেৱ সংঘই "আই কনকলতা বঁটা", গহপুৰ চুতীয়া যুৱ সন্মিলনে "সূবৰ্ণবালা বৰা সাংস্কৃতিক বঁটা", গুৱাহাটীৰ ঋষি কপিল মেম'ৰিয়েল ট্ৰাষ্টে "ঋষি কপিল মেম'ৰিয়েল বঁটা", লোকশিল্পী ডলী দাস বঁটা-১৯", FIO WOMEN ACHIEVERS AWARD OF EXCELLENNCE" আদি বঁটাৰে সন্মানিত কৰা হৈছে ।

শনিবাৰে মৰাণ প্ৰেছ ক্লাৱৰ সভাপতি দয়ানন্দ সিঙৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত মৰাণ ৰাজহ চক্ৰ বিষয়া লুকুমণি বৰা, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম সাহিত্য সভা, আহোম জাতীয় মঞ্চ, টাই আহোম যুৱ পৰিষদ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা আদিৰ প্ৰতিনিধিয়ে অংশ লৈ শিপিনীগৰাকীক সম্বৰ্দ্ধনা জনায় ৷

লগতে পঢ়ক : JEE কেলেংকাৰী: আৰক্ষীৰ জালত পলাতক অভিযুক্ত ভাৰ্গৱ ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.