ETV Bharat / state

Ulfa I recruitment drive busted: আলফাত যোগদান কৰিবলৈ গৈ আটক 7 জন

author img

By

Published : May 23, 2022, 6:55 PM IST

আলফা(স্বা)ত যোগদান কৰিবলৈ গৈ চৰাইদেউত আটক হ’ল সাতজন লোক (Ulfa I recruitment drive busted)৷ অসম ৰাইফলছ আৰু সাপেখাতী আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত আটক হয় লোককেইজন ৷

Joining in ULFA I
আলফাত যোগদান কৰিবলৈ গৈ আটক হ'ল 7 জন লোক

মৰাণ, 5 মে’: হঠাৎ যেন আলফা(স্বা)ৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে ৰাজ্যৰ নতুন প্ৰজন্মৰ (Joining in ULFA I)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত আলফা(স্বা)ক শক্তিশালী কৰাৰ স্বাৰ্থতে আলফাই আৰম্ভ কৰিছে সদস্য ভৰ্তি অভিযান ৷ ইয়াৰ মাজতে চৰাইদেউৰ সাপেখাতীত আলফা(স্বা)ত যোগদান কৰিবলৈ গৈ আটক হ’ল সাতজন লোক (Ulfa I recruitment drive busted) ৷

আলফাত যোগদান কৰিবলৈ গৈ আটক হ'ল 7 জন লোক

দেওবাৰে নিশা অসম ৰাইফলছ আৰু সাপেখাতী আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত আটাইকেইজনে আটক কৰা হয় ৷ আলফা(স্বা)ত যোগদান কৰিবলৈ যোৱা লোককেইজন লোককেইজন হ’ল সাপেখাতী টাইৰাই গাঁৱৰ অশ্বিনী কুমাৰ বৰুৱা (২১), বাকচু গাঁৱৰ দুই ভাতৃ ক্ৰমে আশিষ দাস (১৯) আৰু দেৱ দাস (১৭) আৰু একে গাঁৱৰে যতীন দাস (১৮), ৩ নং হাওফাও গাঁৱৰ নৰ থাপা (৪৮) আৰু একে গাঁৱৰে গনেশ ছেত্ৰী (২২), ৰহন গোঁহাই গাঁৱৰ জান বৰগোহাঁই (৩৫)।

আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকধীন লোককেইজনক জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: ৰাজ্যত আইনৰ শাসন নিশ্চিত কৰাৰ দাবী চিপিআইএমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.