ETV Bharat / state

Land broker apprehended: একেখিনি ভূমি দুজনক বিক্ৰী কৰা দুই মাটিৰ দালালক আটক মৰাণ আৰক্ষীৰ

author img

By

Published : Apr 2, 2023, 10:00 PM IST

Land broker apprehended
একেখিনি ভূমি দুজনক বিক্ৰী কৰা দুই মাটিৰ দালালক আটক মৰাণ আৰক্ষীৰ

নথি জালিয়াতিৰ আনৰ ভূমি বিক্ৰী কৰা মৰাণৰ দুই দালালক আটক আৰক্ষীৰ ৷ একেখিনি মাটিকে দুগৰাকী ব্যক্তিক বিক্ৰী কৰিছিল দালাল দুটাই ৷ মাটিৰ প্ৰকৃত গৰাকীৰ নামত ভুৱা একাউণ্ট খুলিও দুই দালালে আত্মসাৎ কৰিছিল প্ৰায় 44 লাখ টকা (Land broker at Moran) ৷

একেখিনি ভূমি দুজনক বিক্ৰী কৰা দুই মাটিৰ দালালক আটক মৰাণ আৰক্ষীৰ

ডিব্ৰুগড়, 2 এপ্ৰিল: মৰাণত দুটাকৈ কুখ্যাত মাটিৰ দালালক আটক আৰক্ষীৰ ৷ জালিয়াতিৰে গৰাকীৰ অজ্ঞাতে একেডোখৰ মাটিকে দুজন গ্ৰাহকক বিক্ৰী কৰিছিল দুই দালালে ৷ মাটিৰ গৰাকীৰ নামত জালিয়াতিৰে ভুৱা একাউণ্ট খুলিও প্ৰায় 44 লাখ টকা হস্তগত কৰাৰ অভিযোগ দুই দালালৰ বিৰুদ্ধে ৷

উল্লেখ্য যে, মৰাণৰ তৰাজান গাঁৱৰ জৰ্জিনা বেগমৰ নামত মৰাণ পিয়লি নগৰত থকা এক কঠা চাৰি লেচা মাটি অতি চক্ৰান্তৰে আত্মসাৎ কৰিছিল মকচদ আলি খান আৰু চফি আহমেদ নামৰ দাদাল দুটাই ৷ সেই ভূমি আত্মসাৎ কৰি দুগৰাকী গ্ৰাহকক বিক্ৰী কৰিছিল দালাল দুটাই (Land broker apprehended at Moran) ৷

তথ্য অনুসৰি, মৰাণ ৰাজহ চক্ৰৰ দাগ নং 865 আৰু পট্টা নং 581ৰ একেখিনি মাটিকে দালাল দুটাই প্ৰথমে মৰাণ আহোম গাঁৱৰ চন্দনা বৰুৱাক 21 লাখ 50 হাজাৰ টকাৰ বিনিময়ত যোৱা ডিচেম্বৰ মাহত বিক্ৰী কৰে ৷ একেখিনি মাটিকে পুনৰ 10 দিনৰ পাচতে মৰাণ নগৰৰ সন্তোষ দেৱী আগৰৱালাক 22 লাখ 40 হাজাৰ টকাত বিক্ৰী কৰে (Land mafia detained) ৷

এই খবৰ লাভ কৰাৰ পাচতেই মাটিৰ প্ৰকৃতগৰাকীয়ে দুই দালালৰ বিৰুদ্ধে মৰাণ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ ৷ সেই এজাহাৰৰ ভিত্তিত এটা মাহৰ তদন্তৰ অন্তত শনিবাৰে নিশা দুই দালাল ক্ৰমে মকচদ আলি খান আৰু চফি আহমেদক আটক কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে জেৰা ৷

উল্লেখ্য যে, মাটি বিক্ৰীৰ দুই অভিযুক্ত মকচদ আলি খান আৰু চফি আহমেদে ভুৱা ফটো, ভুৱা নথি-পত্ৰৰে জালিয়াতি কৰি মাটিৰ প্ৰকৃত গৰাকী জৰ্জিনা বেগমৰ নামত বেংক একাউন্ট খুলি ধনৰ লেনদেন কৰা বুলিও তথ্য পোহৰলৈ আহিছে ৷

দুই অভিযুক্তক ঘটনা সন্দৰ্ভত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ উপাধ্যায়ে শনিবাৰৰ ভিতৰত থানাত হাজিৰ হ’বলৈ চূড়ান্ত সময়সীমা বান্ধি দিছিল ৷ শনিবাৰে নিশা দুয়ো মৰাণ আৰক্ষী থানাত উপস্থিত হোৱাৰ পাচতে আৰক্ষীয়ে আটক কৰি আৰম্ভ কৰিছে জেৰা ৷

লগতে পঢ়ক: Conflict over land: ভূমিকেন্দ্ৰিক সংঘাতত আহত কেইবাজনো লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.