ETV Bharat / state

আলফা (স্বা)ৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস

author img

By

Published : Apr 7, 2021, 8:03 PM IST

স্বাধীন অসমৰ লক্ষ্য আগত ৰাখি অসমৰ সমাজ জীৱনত জন্ম হোৱা সশস্ত্ৰ সংগঠন সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা (স্বা)ৰ বুধবাৰে ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ ১৯৭৯ চনৰ ৭ এপ্ৰিলত ঐতিহাসিক ৰংঘৰৰ বাকৰিত জন্ম হৈছিল আলফাৰ ৷ অসমৰ সাৰ্বভৌমত্ব দাবীৰে গঠন হয় আলফাৰ ৷

আলফা (স্বা)ৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস
আলফা (স্বা)ৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস

মৰাণ,7 এপ্ৰিল: স্বাধীন অসমৰ লক্ষ্য আগত ৰাখি অসমৰ সমাজ জীৱনত জন্ম হোৱা সশস্ত্ৰ সংগঠন সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা (স্বা)ৰ বুধবাৰে ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ ১৯৭৯ চনৰ ৭ এপ্ৰিলত ঐতিহাসিক ৰংঘৰৰ বাকৰিত জন্ম হৈছিল আলফাৰ ৷ অসমৰ সাৰ্বভৌমত্ব দাবীৰে গঠন হয় আলফাৰ ৷

এই দাবী আগত ৰাখি সশস্ত্ৰ পথ বাছি লোৱাৰ বাবে ১৯৯০ চনত উগ্ৰপন্থীৰ শাৰীত ৰাখি ভাৰত চৰকাৰৰ দ্বাৰা নিষিদ্ধ ঘোষিত কৰা হয় সংগঠনটোক ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰে আলফা(স্বা)য়ে ৷ এই বাৰ্তাৰ জৰিয়তে অসমৰ সকলো স্তৰৰ লোককে ঐক্য বৰ্তাই ৰাখিবলৈ অনুৰোধ জনাই সংগঠনটোৰ নেতৃবৰ্গই ৷

লগতে পঢ়ক: ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ক'ভিড-19ত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.