ETV Bharat / state

টিংখাঙত ''দিহিংচাং বহুমুখী প্ৰকল্প''ৰ শুভ উদ্বোধন কৃষি মন্ত্ৰী অতুল বৰাৰ

author img

By

Published : Nov 17, 2020, 9:27 AM IST

সোমবাৰে টিংখাঙত দিহিংচাং বহুমুখী প্ৰকল্পৰ শুভ উদ্বোধন কৰিলে কৃষি মন্ত্ৰী অতুল বৰাই। ৱাজেদ আলি চৌধুৰীয়ে উজনি অসমৰ ভোটৰ গুৰুত্ব নাই বুলি কৰা মন্তব্যৰ সৰ্ন্দভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে। লগতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ সকলো সংবাদকৰ্মীকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰী গৰাকীয়ে।

tingkhong-atul-borah
টিংখাঙত ''দিহিংচাং বহুমুখী প্ৰকল্প''ৰ শুভ উদ্বোধন কৃষি মন্ত্ৰী অতুল বৰাৰ

টিংখাং,17 নৱেম্বৰঃ টিংখাঙত উপস্থিত ৰাজ্যৰ কৃষি তথা পশুপালন মন্ত্ৰী অতুল বৰা। টিংখাঙৰ ধমন পঞ্চায়তৰ অন্তৰ্গত ২ নং কেন্দুগুৰি গাঁৱৰ বহু প্ৰত্যাশিত দিহিংচাং বহুমুখী প্ৰকল্পৰ শুভ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে, অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ "PMKSY আৰু HKKP Phase-1" আঁচনিৰ হিতাধিকাৰীৰ মাজত সা-সজুলি বিতৰণ আৰু "দিহিংচাং বহুমুখী প্ৰকল্প টিংখাং“ৰ শুভ উদ্বোধন কৰে মন্ত্ৰী গৰাকীয়ে ৷ দিহিংচাং বহুমুখী প্ৰকল্পটোৰ শুভ উদ্বোধন কৰি এই প্ৰকল্পৰ জৰিয়তে টিংখাঙৰ কৃষি ক্ষেত্ৰত এক নৱ সংযোজন ঘটা বুলি কৈ বিধায়ক বিমল বৰাই গ্ৰহণ কৰা ভূমিকাৰো শলাগ লয় ৷

টিংখাঙত ''দিহিংচাং বহুমুখী প্ৰকল্প''ৰ শুভ উদ্বোধন কৃষি মন্ত্ৰী অতুল বৰাৰ

ইপিনে অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ ৱাজেদ আলি চৌধুৰীয়ে উজনি অসমৰ ভোটৰ গুৰুত্ব নাই বুলি কোৱা সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

আনহাতে নতুনকৈ গঠন হোৱাৰ ৰাজনৈতিক দলসমূহৰ সন্দৰ্ভতো মন্ত্ৰী অতুল বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ লগতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ সকলো সংবাদকৰ্মীকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰী গৰাকীয়ে।

লগতে পঢ়কঃ ভূ-স্বৰ্গত চলিত বৰ্ষৰ প্ৰথমজাক তুষাৰপাতঃ আনন্দিত পৰ্যটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.